Breaking

ধোনিৰ নাম ব্যৱহাৰ কৰি কোটি কোটি টকাৰ ব্যৱসায়, মাহীৰ এজাহাৰৰ পিছতে গ্ৰেপ্তাৰ ব্যৱসায়ীক…

0 34

ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ প্ৰতিচ্ছবি আৰু নাম ব্যৱহাৰ কৰি ব্যৱসায়ৰ কৰাৰ বাবে এজন ব্যক্তিৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল। ব্যৱসায়ী মিহিৰ দিবাকৰৰ গ্ৰেপ্তাৰ কৰা হৈছে এই অভিযোগৰ বিত্তিত। মঙলবাৰে জয়পুৰ আৰক্ষীয়ে তেওঁক প্ৰতাৰণা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪০৬, ৪২০, ৪৬৭, ৪৭১ ধাৰাত অভিযোগ উত্থাপন হৈছে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনাকয়ক মহেন্দ্ৰ সিং ধোনিৰ অনুমতি অবিহনে ফটো, নাম ব্যৱহাৰ কৰি ব্যৱসায় কৰা এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে জয়পুৰ আৰক্ষীয়ে। জানিব পৰা মতে ধোনিয়ে ব্যৱসায়ী মিহিৰ দিবাকৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল তেওঁৰ নাম, ফটো বিনা অনুমতিত ব্যৱহাৰ কৰি ব্যৱসায় কৰাৰ অভিযোগ।ইয়াৰ পূৰ্বেও ধোনীয়ে দিৱাকাৰৰ কোম্পানী আৰ্কা স্প’ৰ্টছ মেনেজমেণ্টৰ বিৰুদ্ধে ৰাঁচী জিলা আদালতত এজাহাৰ দাখিল কৰিছিল। তেওঁৰ অভিযোগ আছিল যে ২০২১ চনত সেই সংগঠনৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছিন্ন হৈ পৰিছিল। তাৰ পাছতো দিৱাকাৰ আৰু তেওঁৰ পত্নী সৌম্য দাসে ধোনীৰ নাম আৰু ভাবমূর্তি ব্যৱহাৰ কৰি এখন ক্ৰীড়া একাডেমী চলাই মুনাফা অৰ্জন কৰাৰ অভিযোগ।

শেহতীয়াকৈ জয়পুৰত এখন একাডেমী মুকলি কৰিছে দিৱাকাৰে। ভাৰত আৰু বিদেশৰ বিভিন্ন চহৰত তেওঁৰ একাডেমী আছে। প্ৰায় সকলো ঠাইতে ধোনিৰ নাম ব্যৱহাৰ কৰি তেওঁ ফ্ৰেঞ্চাইজি মাচুল সংগ্ৰহ কৰিছিল। ইয়াৰ ভিতৰত এম এছ ধোনি ক্ৰিকেট একাডেমী আৰু এম এছ ধোনি স্প’ৰ্টছ একাডেমীয়ে ১৫ কোটি টকা লাভ কৰে। পূৰ্বতে দিৱাকাৰ ধোনিৰ ব্যৱসায়িক অংশীদাৰ আছিল যদিও সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছত ধোনীয়ে তেওঁৰ নাম ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। দিবকৰে সেই কথা শুনা নাছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁক প্ৰথমে নয়দাৰ গৌতম বুদ্ধ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত তেওঁক জয়পুৰলৈ লৈ যোৱা হয়। জয়পুৰ আৰক্ষী আয়ুক্ত বিজু জৰ্জ জোচেফে দাবী কৰে যে দিৱাকাৰে ধোনিৰ নাম ব্যৱহাৰ কৰি গান্ধী পাঠ অঞ্চলত একাডেমী খুলি বহু ধন সংগ্ৰহ কৰিছিল।


Leave A Reply