Breaking

সোণাৰিত পুনৰ শিশু কণ্যাক বলি

0 1,554

 চৰাইদেউ জিলাৰ সোণাৰিত সংঘটিত হৈছে এটা লোমহৰ্ষক হত্যাকাণ্ড। অতি লোমহৰ্ষক নৰবলি সদৃশ এই ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ অসম-নাগালেণ্ডৰ সীমান্তবৰ্তী টিঙালীবাম চাহ বাগিচাত। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়েই এই ঘটনাৰ বলি হৈছে প্ৰথম শ্ৰেণীৰ এগৰাকী কণমানি ছাত্ৰী। নাম আলিয়া তাতি। উল্লেখ্য যে, সীমান্তবৰ্তী টিঙালীবাম চাহ বাগিচাৰ ১৩ নংশ্ৰমিক লাইনৰ বাসিন্দা মংলু তাতি আৰু তিলেশ্বৰী তাতিৰ কণ্যা আজি দুপৰীয়া ভাগত লগৰীয়াৰ সতে খেলি আছিল। কিন্তু তাৰ মাজতেই ঘৰৰ পৰা নোহোৱা হয়। বিয়লি পৰলৈকে কন্যা গৰাকীৰ কোনো শূংসূত্ৰ নোপোৱাত শ্ৰমিক লাইনতোত আতংকৰ সৃষ্টি হয়। বহু বিচাৰ খোচাৰ কৰাৰ পাছত কণমানি আলিয়াৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয় এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজত। স্থানীয় ৰাইজে কণমানি আলিয়াৰ তেজেৰে লুতুৰি-পুতুৰি হৈ ঘাহনিত পৰি থকা নিঠৰ দেহ প্ৰত্যক্ষ কৰি এইয়া নৰবলি হোৱা বুলি সন্দেহ কৰিছে। মৃতদেহৰ ডিঙিৰ আগফালে চোকা দা বা তেনে জাতীয় অস্ত্ৰৰে ৰেপ দিয়াৰ চিন স্পষ্ট ৰূপত জিলিকি আছে। আৰক্ষীয়ে কণমানি আলিয়াৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। ঘটনাৰ সন্দৰ্ভত চৰাইদেউ আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Leave A Reply