Breaking

অসম আৰু অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত সকলোকে এক হ’বলৈ আহ্বান

0 1,152

জামুগুৰিহাট : তেজ দিম, কিন্তু মাটি নিদিওঁ। অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে আমি যুজঁ দি যাম৷ অংগীকাৰ কৰিছোঁ যে আমাৰ অধিকাৰৰ বিৰুদ্ধে গৈ সন্দেহজনক নাগৰিকে চকীঘাটত যি ঘৃণনীয় কাণ্ড সংঘটিত কৰিলে তাৰ উচিত জবাব দিয়া হ’ব৷ নিজৰ জীৱন দিম কিন্তু মাটি নিদিওঁ। – এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ। বৃহস্পতিবাৰে জামুগুৰিহাটৰ চকীঘাটত সন্দেহজনক নাগৰিকে বৰ্বৰকাণ্ড সংঘটিত কৰা স্হানত কালি পুনৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত হৈ সাংবাদিকৰ আগত এনেদৰে কয়৷ বিধায়কগৰাকীয়ে অসমবাসীলৈ পুনৰ আহ্বান জনাই কয় যে চকীঘাটৰ এই ঘটনাই কেৱল চতিয়া সমষ্টিৰ বাবেই নহয় সমগ্ৰ অসম তথা অসমীয়া জাতিৰ বাবে ঋণাত্মক বতৰা কঢ়িয়াই আনিছে। সময় থাকোতেই জাতিটোৰ স্বাৰ্থত এই অপশক্তিক ওফৰাই পেলাবলৈ সকলোকে একগোট হ’বলৈ কোৱাৰ লগতে দূৰদৰ্শীতাৰে এই বিষয়টো আলোচনা কৰিবলৈ বিধায়ক গৰাকীয়ে সকলোলৈকে আহ্বান জনাইছে। উল্লেখযোগ্য যে চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ দক্ষিণ পশ্চিমাঞ্চলৰ চকীঘাটত বৃহস্পতিবাৰে সংঘটিত হোৱা ভূমিকেন্দ্ৰীক বিবাদৰ পিছত কালিও চকীঘাটত উপস্থিত হয় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা৷ চকীঘাটত বেদখলমুক্ত মাটি আত্মসহায়ক গোট, কৃষি গোট, দল-সংগঠনক বিতৰণৰ মুহুৰ্তত সংঘটিত খিলঞ্জীয়া যুৱকৰ ওপৰত সন্দেহযুক্ত নাগৰিকৰ আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি হুংকাৰ দিয়াৰ লগতে প্ৰয়োজনত তেজ দিম কিন্তু মাটি নিদিও বুলিও হুংকাৰ দিয়ে বিধায়ক পদ্মই৷ চকীঘাটৰ কাষৰ মাটি যদি আক্ৰমণকাৰী দুস্কৃতিকাৰীয়ে এৰি থৈ যাব বুলি ভাবিছে তেন্তে সেয়া ভুল ভাবিছে বুলি উল্লেখ কৰি দৰকাৰ হ’লে সেইসকল সন্দেহযুক্ত লোক যাব লাগিব কিন্তু মাটি কোনো কাৰণত এৰা নহ’ব বুলি বিধায়ক পদ্ম হাজৰিকাই ব্যক্ত কৰি এই ক্ষেত্ৰত সময় থাকোতেই সকলো একত্ৰিত হৈ যুঁজ দিবৰ বাবে আহবান জনাই৷ অন্যহাতে চকীঘাটৰ কালিৰ পৰিৱেশ শান্ত যদিও চেপা উত্তেজনা বিৰাজ কৰি আছে সমগ্ৰ অঞ্চলটিত৷ ইফালে আক্ৰমণৰ ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী চকীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল কুমাৰ নাথে দিয়া এজাহাৰৰ ভিত্তিত ৪৬/২০ নম্বৰত গোচৰ ৰুজু কৰি নুৰজামাল আলি(২৭) আৰু ছাদ্দাম হুছেইন(২০) নামৰ দুই আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে আক্ৰমণৰ ঘটনাৰ লগত জড়িত আন লোকসকলকো বিচাৰি তীব্ৰ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰী মাহত চতিয়া সমষ্টিৰ অন্তৰ্গত চকীঘাট, দিঘলী চাপৰী, ননকে গটাইমাৰী, গটাইমাৰী, লালেটাপু আদি চৰ চাপৰীৰ পৰা ৪৭৩ টা সন্দেহজনক পৰিয়ালক শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল আৰু এই উচ্ছেদিত ভূমিৰ এহেজাৰ বিঘা অলপতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থানীয় নিবনুৱাক কৃষি কৰ্মৰ বাবে আৱণ্টণ দিছিল৷ ইয়াৰোপৰি চৰ চাপৰি সমূহৰ শ শ বিঘা চৰকাৰী মাটি বেদখল কৰি থকা লোক সকলক চৰকাৰী মাটি এৰি দিবলৈ প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছিল যদিও মাটি এৰি দিব নোখোজা একাংশ সন্দেহজনক লোকে পৰিকল্পিতভাৱে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল বুলিও সন্দেহ প্ৰকাশ কৰিছে স্থানীয় সচেতন মহলে ৷

Leave A Reply