Breaking

সৰুক্ষেত্ৰী-ভৱানীপুৰৰ পহুমৰা নৈ’ৰ খহনীয়া প্ৰতিৰোধৰ নিমিত্তে কৰাগাড়ী ৰাইজৰ আহ্বান

0 1,531

 বৰপেটা জিলাৰ ভৱানীপুৰ আৰু সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ সীমামূৰীয়া গড়কাপ্তানি (লোক নিৰ্মান)  পথৰ কাষেৰে বৈ গৈছে পহুমৰা নৈ ৷ সম্প্ৰতি এই নৈখনে ক্ৰমে বৃহত্তৰ  কৰাগাড়ী গাওঁ , কয়াকুছি পাম , খৰমা আদি অঞ্চলৰ ৰাইজৰ সংকট কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে,বহু অপেক্ষাৰ অন্তত এই গড়কাপ্তানি পথ নিৰ্মাণ হৈছে ৷ যদিও পহুমৰা নৈ’ৰ বিধ্বংসী গৰা খহনীয়াই এই পথৰ সংকট কঢ়িয়াই অনাত সম্প্ৰতি হতাশাত ভুগিছে ৰাইজে ৷ প্ৰণিধানযোগ্য যে, ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ ১০৪ নং নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত খৰমা কয়াকুছি পাম সংযোগী পথৰ কাষেৰে জিঅ বেগেৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰি ৰাইজৰ পৰম উপকাৰ সাধন কৰিবলৈ  স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰভাৱে  আহ্বান জনাইছে ৰাইজে ৷

Leave A Reply