Breaking

মুখ্যমন্ত্ৰীলৈ আহ্বান,অন্তত: খাই জীয়াই থাকিবলৈ ৰেচনকাৰ্ড,নিশাটো শুবলৈ এটা গৃহৰ প্ৰয়োজন

0 2,055

চৰকাৰে পঞ্চায়ত ব্যৱহাৰ জৰিয়তে গ্ৰামাঞ্চলৰ দুখীয়া দৰিদ্ৰ লোক সকলৰ জীৱনধাৰণত সহায়ক তথা সকাহ দিয়াৰ উদ্দেশ্যে বছৰি ৰাজকোষৰ কোটি কোটি টকা পঞ্চায়ত সমূহলৈ আৱন্টন দি আহিছে। কিন্তু আশ্বৰ্যজনক ভাবে পঞ্চায়তৰ এচাম কৰ্মচাৰী আৰু প্ৰতিনিধিৰ অনিয়ম অনীতিৰ বাবে বছৰ বছৰ ধৰি  সমাজৰ অৱহেলিত দুখীয়া দৰিদ্ৰ, বুভুক্ষু সকল দুৰ্ভাগ্যজনক ভাবে বঞ্চিত হৈ আহিছে।ইয়াৰ উদাহৰণ হিচাপে দৰঙৰ ছিপাঝাৰৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ কৰাকে ক’ব পাৰি। য’ত একাংশ দুখীয়া দৰিদ্ৰলোকই ঘৰ ঘৰ , চাউল চাউল বুলি কান্দি থাকিবলগীয়া হৈছে। অভিযোগ অনুসৰি দুৰ্নীতি অনিয়মৰ ৰম্যপুৰীলৈ গতি কৰিব লোৱা পঞ্চায়ত খনৰ নাওপোটা – দুৰদুৰীয়াত বঞ্চিত হৈ আছে একাংশ ডাল দুখীয়া দৰিদ্ৰ।যি সকলক পঞ্চায়তৰ কৰ্মচাৰী-প্ৰতিনিধিয়ে দেখা নোপোৱাৰ অভিযোগ উত্থাপন হৈছে।

নাওপোটাৰ উপেন ডেকা নামৰ লোক গৰাকীয়ে দিনত ভিক্ষা মাগিব নগলে আখলত নজ্বলে জুই।পত্নীৰ অসুখত সাধাৰণ বড়ী এটা কিনি দিব নোৱাৰি হাহাকাৰ কৰি ফুৰা এই গৰাকী বুভুক্ষুৰ নাই ৰেচনকাৰ্ড।থাকিবলৈ নাই এটা ভাল ঘৰ।দুখজনক কথা যে ভোগালী বিহুত ওচৰ চুবুৰীয়া সকলে মাছে- মঙহে এসাঁজ ভালকৈ খোৱাৰ সময়ত উপেন ডেকাই মাছ মাংসৰ কথা বাদেই ভিক্ষামাগি অনা চাউলেৰে কৰা চুঙা পিঠা খাবলৈয়ো যোগাৰ কৰিব নোৱাৰিলে অলপ গাখীৰ।যাৰ বাবে ৰঙা চাহেৰেই  চুঙাপিঠা খাই পালন কৰিলে ভোগালীৰ ভোগ।খাবলৈ নাই পানী।আনৰ ঘৰৰ পৰা পানী আনি আজিও সেৱন কৰি আছে।দুৰ্ভাগ্য জনক কথা যে পঞ্চায়তত কৰ্মচাৰীয়ে গৃহ নোপোৱা লোক সকলৰ ঘৰ চাৰ্ভে কৰা সময়ত উপেন ডেকাৰ গৃহ দেখা নোপোৱাৰ বিষয়টোৱে ৰাইজক আশ্বৰ্যম্বিত কৰি তুলিছে। গৰিহণা যোগ্য যে গাঁও খনত পূৰ্বতে চৰকাৰী গৃহ থকা লোকৰো তালিকাত নাম অহাৰ পিছত উপেন ডেকাৰ গৃহ কিয় চাৰ্ভে নহ’ল ই এক ডাঙৰ প্ৰশ্ন ৰাইজৰ বাবে।আনহাতে নিকটৱৰ্তী মধু ডেকাৰো নাই থাকিবলৈ এটা ভাল ঘৰ,পাবলৈ সৌভাগ্য নহ’ল ৰেচনকাৰ্ড।

যি গৰাকী লোকৰ চাবন,তেল কিনিবলৈ সমৰ্থ নহয়, জৰাজীৰ্ণ ফুটাটিনৰ এঢলীয়া চালিত তলত বাসকৰা এই গৰাকী বুভুক্ষুৰ ভোগালী বিহুত  যোগাৰ কৰা নহ’ল  খাদ্য সম্ভাৰ।এক যন্ত্ৰণাময় জীৱন অতিবাহিত কৰা এই সকল দৰিদ্ৰ বুভুক্ষুৰ কথা কিয় বাৰু এবাৰকৈ পঞ্চায়ত প্ৰতিনিধি, কৰ্মচাৰীয়ে চিন্তা কৰাৰ আহৰি নাপায় ! তেওঁলোকৰ চকুত উপেন- মধু মানুহ নহয় নেকি ? পঞ্চায়তখনৰ সচেতন লোক সকলে মুখ্যমন্ত্ৰীৰ জৰুৰী দৃষ্টি কামনা কৰি উপেন-মধুক মানৱীয়তাৰ স্বাৰ্থত শীঘ্ৰে চৰকাৰী গৃহ, ৰেচনকাৰ্ডৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনাইছে। পঞ্চায়তখনত উপেন-মধুৰ দৰে বহু দৰিদ্ৰলোক চৰকাৰী আঁচনিৰ পৰা আজিও বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।সচেতন লোক সকলে সচিব ৰমেশ বেজবৰুৱাক প্ৰতিনিধিৰ মুখৰ কথাত কাম নকৰিবলৈয়ো আহ্বান জনাই জবকাৰ্ডত হৈ থকা ব্যাপক অনিয়মৰ ওপৰত ব্যৱস্থা গ্ৰহন কৰিছিল দাবী জনাইছে  ।ইফালে পঞ্চায়তখনত এনৰেগাত  তয়ো খা, মোকো দি নীতি চলি থকাৰ অভিযোগ উত্থাপন হৈছে।

Leave A Reply