Breaking

ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত বিজেতাৰ সন্মান দখল কৰা অসম দলটোক আৰ্থিক সাহাৰ্য প্ৰদানৰ আহ্বান

0 2,029

ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত ৰানাৰ্চআপৰ খিতাপ অৰ্জন কৰা অসম দলটোক সম্বৰ্ধনা আৰু আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ ক্ৰীড়া মন্ত্ৰীক আহ্বান জনাইছে ক্ৰীড়া প্ৰেমী ৰাইজে। যোৱা ৫ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ ভূৱনেশ্বৰ, ওড়িষাৰ কলিংগ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ৬৯ সংখ্যক ছিনিয়ৰ(পুৰুষ-মহিলা) ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত সকলোকে আচৰিত কৰি সাংঘাটিক বুজাবুজিৰে দলটোৱে একপ্ৰকাৰ অসাধ্য সাধন কৰি দেখুৱাইছিল। অৱশ্যে কোৱাৰ্টাৰ ফাইনেল আৰু ছেমী ফাইনেলত ৩৬ ঘন্টাত ১২ টা শ্বেট আৰু ৩খন খেলা অসম দলটো চুড়ান্ত খেলৰ পূৰ্বে আছিল ক্লান্ত আৰু ইয়াৰ সুবৰ্ণ সুযোগ গ্ৰহন কৰি ১৯৮২, ২০০৪ আৰু ২০০৭ চনত ৰাষ্ট্ৰীয় ছিনিয়ৰ ভলীবল প্ৰতিযোগিতাত বিজয়ী হোৱা হাৰিয়ানাই ২৫-২৩, ২৫-১৮ আৰু ২৫-১৯ পোনপটীয়া ছেটত অসম দলটোক পৰাভুত কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। অসম দলটোৱে উন্নত প্ৰদৰ্শন ডাঙি ধৰিও ৰানাৰ্চআপতে থমকি  ৰ’বলগীয়া হয়। এইটোৱে আছিল ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অসমৰ আটাইতকৈ শ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ আগেয়ে ছিনিয়ৰ দলটোৱে কোৱাৰ্টাৰ ফাইনেলৰ দেওনাই অতিক্ৰম কৰিব পৰা নাছিল। অসমৰ ভলীবলৰ এই ফলাফলে নিশ্চিতভাৱে উঠি অহা নৱপ্ৰজন্মৰ খেলুৱৈ সকলক উৎসাহিত কৰাৰ লগে লগে সাহস আৰু প্ৰেৰণা যোগাইছে। ভাৰতীয় ভলীবলৰ মানচিত্ৰত সম্ভ্ৰম আদায় কৰি অসমক গৌৰাৱাম্বিত কৰা উক্ত ছিনিয়ৰ দলটোক চৰকাৰী ভাৱে আজিলৈ কোনো ধৰণৰ খবৰ নোলোৱাত ভলীবল প্ৰেমীৰাইজে আক্ষেপ প্ৰকাশ কৰিছে। অসমৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হোৱা দলটোৰ খেলুৱৈ সকলে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল। খেলি থকা সময়ত তেওঁলোকৰ মনত এটা কথাই আহিছিল কেনেকৈনো অসমক এটা মেডেল দিয়াব পাৰি আৰু কাৰ্য্যত সেয়াই পতিপন্ন কৰি দেখুৱাইছিল দলটোৱে। সেয়েহে ক্ৰীড়া প্ৰেমী ৰাইজে নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু ক্ৰীড়ামন্ত্ৰীক বিনম্ৰ ভাৱে অনুৰোধ জনাইছে যাতে খেলুৱৈ সকলক উৎসাহিত কৰাৰ বাবে সম্বৰ্ধনাৰ লগতে আৰ্থিক সাহাৰ্যৰ জড়িয়তে তেওঁলোকৰ কষ্টৰ স্বীকৃতি প্ৰদান কৰি উঠিঅহা নৱপ্ৰজন্মৰ খেলুৱৈ সকললৈ এক শুভবাৰ্তা কঢ়িয়াই আনে। উল্লেখ্য যে জানিব পৰা মতে প্ৰতিযোগিতাখনত চুড়ান্ত বিজয়ী হোৱা হাৰিয়ানাৰ দলটোক চৰকাৰে ইতিমধ্যে শকত ধনেৰে পুৰস্কৃত কৰিছে

Leave A Reply