Breaking

ইতিবাচক চিন্তা, ভাল টোপনি আৰু স্বাস্থ্যসন্মত খাদ্যৰ দ্বাৰা পৰাস্ত কৰিব পাৰি কেন্সাৰক…

0 29

কৰ্কট ৰোগ এনেকুৱা এটা শব্দ যাৰ নাম শুনিলেই মনত ভয় আৰু সন্দেহৰ সৃষ্টি হয়। কিন্তু আপুনি জানেনে যে জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰি আৰু সঠিক চিকিৎসাৰ সহায়ত কেন্সাৰক পৰাস্ত কৰা সম্ভৱ। আজি আমি আপোনালোকক ক’ম জুলিয়ান ডেনিয়েল লিম নামৰ এগৰাকী মহিলাৰ প্ৰেৰণাদায়ক কাহিনী, যিয়ে স্তন কেন্সাৰৰ তৃতীয় পৰ্যায়ক পৰাস্ত কৰি সকলোকে আচৰিত কৰি তুলিছিল।

ছিংগাপুৰৰ বাসিন্দা জুলিয়ান ডেনিয়েল লিমৰ ২০২০ চনত স্তন কেন্সাৰ ধৰা পৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল ৩৮ বছৰ আৰু কেন্সাৰৰ খবৰ তেওঁৰ বাবে এক ডাঙৰ শ্বক আছিল। সফল কেৰিয়াৰ আৰু সুখী জীৱন কটোৱা জুলিয়ানে কেমোথেৰাপি আৰু ইমিউন’থেৰাপিৰ দৰে কঠিন পদ্ধতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই চিকিৎসাৰ বহু অসুবিধা আছিল, যাৰ বাবে জুলিয়ান শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছিল। ৰোগৰ পৰা সুস্থ হোৱাৰ পিছত জুলিয়েনে নিজৰ জীৱনশৈলীৰ মূল্যায়ন কৰিলে। তেওঁ দেখিলে যে আগতে তেওঁ অতি কম শুইছিল, বহুত কষ্ট কৰিছিল আৰু লগতে খাদ্য খোৱাৰ ক্ষেত্ৰতো ভাৰসাম্য ৰক্ষা কৰা নাছিল। লগতে তেওঁৰ চিন্তাবোৰ বেছিভাগেই নেতিবাচক আছিল। এনে পৰিস্থিতিত কেন্সাৰৰ পুনৰাবৃত্তিৰ সম্ভাৱনা কম কৰিবলৈ আৰু নিজকে ভাল অনুভৱ কৰিবলৈ জুলিয়েনে এক সুস্থ জীৱনশৈলী গ্ৰহণ কৰাৰ সিদ্ধান্ত ল’লে। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি তেওঁ পুষ্টিৰ সুষম খাদ্য, দৈনিক ব্যায়াম, পৰ্যাপ্ত টোপনি, মানসিক চাপমুক্ত হৈ থকা আৰু ইতিবাচক চিন্তাধাৰাৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে।


পূৰ্বে জাংক ফুড আৰু প্ৰচেছড ফুড খোৱা জুলিয়েনে এতিয়া খাদ্যত প্ৰটিন, কাৰ্ব আৰু ফেটৰ দৰে মেক্ৰ’নিউট্ৰিয়েণ্টৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। তেওঁ গ্লুটেন, দুগ্ধজাত সামগ্ৰী আৰু পেকেটত ভৰোৱা খাদ্য পৰিহাৰ কৰিছিল। ব্যায়ামৰ প্ৰতি জুলিয়েনৰ মনোভাৱো সলনি হ’ল। এতিয়া তেওঁ কেৱল ওজন কমোৱাৰ বাবেই নহয়, শক্তিশালী অনুভৱ কৰিবলৈ ব্যায়াম কৰে। ‘কোনো বিষ নাই, কোনো লাভ নাই’ বুলি চিন্তা ত্যাগ কৰি সুষম ভাবে ব্যায়াম কৰিবলৈ ধৰিলে।

জুলিয়ানে এতিয়া প্ৰতিদিনে কমেও ৭ ঘণ্টা শোৱে আৰু গোটেই দিনটো জিৰণি ল’বলৈ সময় উলিয়াই। মানসিক চাপক আওকাণ নকৰে।

কেন্সাৰক পৰাস্ত কৰা জুলিয়ানে আজি এক নতুন জীৱন কটাইছে। আত্ম-আৱিষ্কাৰ আৰু নিজৰ শক্তি উপলব্ধি কৰাৰ যাত্ৰাত আগবাঢ়িছে তেওঁ। সুস্থ জীৱনশৈলী গ্ৰহণ কৰি তেওঁ সুখী আৰু ইতিবাচক হৈ থাকিবলৈ অনুপ্ৰাণিত হয়। জুলিয়ানে কয় যে সুস্থ হৈ থাকিবলৈ শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে সুস্থ হোৱাটো গুৰুত্বপূৰ্ণ। লগতে সুষম খাদ্য, পৰ্যাপ্ত টোপনি, ব্যায়াম আৰু ইতিবাচক চিন্তাও অতি গুৰুত্বপূৰ্ণ।

Leave A Reply