Breaking

বোকাজানত ২০ লক্ষাধিক টকাৰ গাঞ্জা জব্দ : আটক ২

0 76

বোকাজান

 লকডাউনৰ সময়তে দেওবাৰে বিয়লি কাৰ্বি আংলং জিলাৰ খটখতিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত নিয়মীয়া নাকা তালাচিত খাটখতি আৰক্ষীয়ে এখন কনটেনাৰ ট্ৰাকত তালাচী চলাই বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুজন যুৱকক আটক  কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱক দুজন ক্ৰমে দৰং জিলাৰ প্ৰাঞ্জল ডেকা আৰু নলবাৰী জিলাৰ বিজু ৰাজবংশী বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে ডিমাপুৰৰ পৰা এ এছ ০১-এইছ চি ০০৬৮ নম্বৰৰ কনতেনাৰ খনত ২ কুইণ্টল ১০ কেজি ওজনৰ ২১ পেকেট গাঞ্জা আনি থকাৰ খবৰ লাভ কৰে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে। তেনে খবৰৰ ভিত্তিত আজি খাটখতি আৰক্ষীয়ে ট্ৰাকখনত তালাচী চলাই গাঞ্জাখিনি উদ্ধাৰ কৰে। জানিব পৰা মতে উক্ত বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ডিমাপুৰৰ পৰা দুই যুৱকে শুকানজানৰ কোনো অজ্ঞাত লোকক দিবলৈ আনিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে জব্দ কৰা গাঞ্জাৰ আন্তঃৰাজ্যিক বজাৰ মূল্য প্ৰায় ২০ লক্ষাধিক টকা হ’ব৷ সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত যুৱক দুজনক জেৰা অব্যাহত ৰাখিছে।

Leave A Reply