Breaking

কানপুৰৰ কাষত গাড়ী দুৰ্ঘটনা : আৰক্ষীৰে ‘সংঘৰ্ষ’ত নিহত দুৰ্ধৰ্ষ অপৰাধী বিকাশ ডুবেৰ ৷

0 1,273

দৈনন্দিন বাৰ্তা ডেস্ক :

মধ্যপ্রদেশৰ উজ্জয়িনীৰ এটা মন্দিৰৰ পৰা গ্ৰেপ্তাৰ হোৱা গেংষ্টাৰ বিকাশ ডুবেক আৰক্ষীয়ে কানপুৰলৈ আনিছিল ৷ কিন্তু কানপুৰ পোৱাৰ আগেয়ে শুকুৰবাৰে আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত বিকাশৰ মৃত্যু হয় ৷ এই সংঘৰ্ষক লৈ ইতিমধ্যে বিভিন্ন প্ৰশ্ন উদয় হৈছে৷ আৰক্ষীয়ে দাবী কৰা মতে ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱাৰ সময়ত আৰক্ষীৰ কনভয়ৰ যি গাড়ীত বিকাশ আছিল সেই গাড়ীখন দুৰ্ঘটনাত পতিত হৈ বাগৰি উল্টা হৈ পৰে ৷ তেতিয়া এজন আৰক্ষীৰ পিষ্টল টানি আনি বিকাশে পলায়নৰ চেষ্টা কৰে৷ আৰক্ষীয়ে তেতিয়া বিকাশক আত্মসমৰ্পণ কৰিবলৈ কয় ৷ কিন্তু আত্মসমৰ্পণৰ পৰিৱৰ্ত্তে বিকাশে গুলী চালনা কৰে৷ আত্মৰক্ষাৰ বাবে আৰক্ষীয়েও গুলী চলায় বুলি আৰক্ষীয়ে দাবী কৰে ৷ কানপুৰ আৰক্ষীৰ শীৰ্ষ বিষয়া এজনে জনোৱা মতে গাড়ী দুৰ্ঘটনা হওঁতেই পিস্তল লৈ পলাবলৈ চেষ্টা কৰে বিকাশ ডুবেয়ে ৷ আৰক্ষীয়ে বিকাশক আত্মসমৰ্পণ কৰিবলৈ কৈছিল ৷ কিন্তু অপৰাধীটোৱে গুলী চালনাহে কৰে৷ বাধ্য হৈ আৰক্ষীয়ে গুলী চলাব লগা হয় ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হোৱাৰ পাছত বিকাশক চিকিৎসালয়লৈ নিয়া হয় ৷ তাতেই অপৰাধীটোক চিকিৎসকে মৃত ঘোষণা কৰে ৷ আনহাতে কানপুৰৰ আৰক্ষী মহাপৰিদৰ্শক মোহিত আগৰৱালাই জনায় যে এই সংঘৰ্ষত চাৰিজন আৰক্ষী আহত হয় ৷ উল্লেখ্য যে যোৱা সপ্তাহত কানপুৰৰ কাষৰ ভিকৰু গাঁৱত বিকাশ ডুবেক ধৰিবলৈ যাওতে এজন ডিএছপিসহ আঠজন আৰক্ষীৰ মৃত্যু হৈছিল ৷ তাৰ পাছত কানপুৰৰ ডনক গ্ৰেপ্তাৰ কৰিবলৈ চলিছিল এক নাটক ৷ অৱশেষত বৃহস্পতিবাৰে উজ্জয়িনীৰ মহাকাল মন্দিৰৰ পৰা অপৰাধীটোক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰৰ পাছত উত্তৰ প্ৰদেশলৈ ঘূৰাই অনাৰ সময়তে এই ঘটনা ঘটে৷ ইপিনে বিকাশৰ গ্ৰেপ্তাৰৰ পাছত বিভিন্ন মহলত বহু প্ৰশ্ন উত্থাপন হৈছিল ৷ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু হোৱাৰ পাছত আন বহু প্ৰশ্ন উত্থাপন হৈছে ৷ কি দৰে বিকাশ থকা গাড়ীখনে দুৰ্ঘটনা কৰিলে সেয়া জানিব পৰা নাই ৷ অপৰাধীটোক হাতকেয়াৰ লগোৱা নাছিল নেকি ? সেই কথা জানিব পৰা নাই ৷ ইয়াৰ পাছত বিকাশৰ মৃত্যুক লৈ উত্তৰ প্ৰদেশৰ চৰকাৰক লক্ষ্য কৰি বিৰোধী পক্ষই বিভিন্ন টুইট কৰিছে ৷ সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে লিখিছে, আচলতে এই গাড়ী উল্টা হোৱা নাই ৷ এই গাড়ী উল্টি খাই নোযোৱা হ’লে চৰকাৰেই উল্টি খালেহেতেন ৷ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে লিখিছে, আমি যিটো সন্দেহ কৰিছিলো সেইটো ঘটিল ৷ বিকাশ ডুবেৰ সৈতে কোনো ৰাজনৈতিক নেতা বা আৰক্ষী বিষয়া জড়িত আছিল সেয়া জনা নহ’ব ৷

Leave A Reply