Breaking

কʼভিড-১৯ আৰু শিশুৰ গৃহবন্দীত্ব ।

0 1,575

জ্ঞানশ্ৰী শ‌ইকীয়া

সমগ্ৰ বিশ্বতে অনিদিষ্টকাললৈ কোভিড-১৯ মহামাৰীৰ আতংক চলি আছে। বিগত মাৰ্চ মাহৰ মাজভাগৰ পৰা বৰ্তমানলৈকে মহামাৰীৰ ব্যাপক প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত জনজীৱনৰ যি অপূৰণীয় ক্ষতি হৈছে তাক দুনাই বহলাই কোৱাৰ প্ৰয়োজন নাই। এই ক্ষতিগ্ৰস্ততাৰ মাজত শিশুসকল শাৰীৰিক মানসিক আৰু বৌদ্ধিক দিশৰ পৰা বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে। বিদ্যালয়ৰ প্ৰত্যক্ষ পাঠদানৰ পৰা বঞ্চিত শিশুসকল কেৱল শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশৰ ফালৰ পৰাই বাধাপ্ৰাপ্ত হৈছে তেনে নহয়; তেওঁলোকে প্ৰাকৃতিক পৰিৱেশ উপভোগৰ পৰাও বঞ্চিত হৈছে। মহানগৰীকে ধৰি সৰু বৰ চহৰত বসবাস কৰা শিশুসকলে বন্ধ কোঠাৰ ভিতৰতে সোমাই থাকি স্বাভাৱিক বাতাবৰণৰ সোৱাদ হেৰুৱাইছে। মুকলি আকাশৰ তলত খেলা-ধুলাই তেওঁলোকলৈ অনা সজীৱতাক মহামাৰীৰ বিভীষিকাই ম্লান কৰি তুলিলে। শিশুৰ কোমল মনত সদায় সজীৱ হৈ থাকে এখনি কল্পনাৰ দুনীয়া। এই কল্পনাৰ দুনীয়াখন সজাই তুলিবলৈ তেওঁলোকক লাগে প্ৰাকৃতিক ৰঙ। প্ৰকৃতিৰ পৰা আঁতৰি বন্ধ কোঠালিৰ চাৰিবেৰৰ ভিতৰত শিশুৱে উশাহ হেৰুৱায়, হেৰুৱাই জীৱনৰ মাধুৰ্যতা। ফলস্বৰূপে সেই শিশুটিৰ আচৰণত কোমলতা হেৰায়। ফুল পখিলাৰ মাজত দৌৰাদৌৰি কৰি ভাল পোৱা শিশুসকলক আজি জীৱনৰ সংকটকালত আৱদ্ধ কৰি ৰাখিছোঁ। এয়া যে সময়ৰ আহ্বান। আমি এওঁলোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। আনফালে বিদ্যালয়সমূহৰ তৰফৰ পৰাও যি অনলাইন শিক্ষাদান কাৰ্যসূচী চলি আছে, সেয়া কিমান দূৰ ফলপ্ৰসূ হʼব লক্ষণীয়। কিয়নো লকডাউনৰ সময়চোৱাত শিশুসকলৰ মোবাইলৰ প্ৰতি আসক্তি বহু পৰিমাণে বাঢ়ি যোৱা দেখা গৈছে। অনলাইন শিক্ষাদানৰ জৰিয়তে এটি শিশুৱে বহুসময় ধৰি মোবাইলৰ স্ক্ৰীণত চকু ৰাখি লিখা পঢ়া কৰা কাৰ্য‌ই শিশুৰ মনোজগতত যথেষ্ট প্ৰভাৱ পেলোৱাৰ ওপৰিও কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ কমাইছে। ৰঙচঙীয়া কাৰ্টুন, হৰেকৰকমৰ মোবাইল গেইমৰ সুবিধা থকা মোবাইল ফোনবোৰে যেন কাঢ়ি লৈছে তেওঁলোকৰ শৈশৱ। অৱশ্যে লকডাউনৰ সময়চোৱাত বহু শিশুৱে নিজৰ প্ৰতিভা বিকশিত কৰি তিক্ত সময়খিনিক নিজা মনোৰঞ্জনেৰে সজাই নিজেও তৃপ্ত হোৱা দেখা পাইছোঁ। গাওঁ অঞ্চলৰ শিশুসকলে অৱশ্যে বিদ্যালয়ৰ প্ৰত্যক্ষ পাঠদান ব্যৱস্থাৰ অভাৱৰ বিপৰীতে স্বাভাৱিক জীৱন অব্যাহত ৰাখিছে। এইখিনিতে ম‌ই জনা এগৰাকী শিশুৰ বিষয়ে ক‌ম। তেওঁ পঞ্চম মানৰ ছাত্ৰী। নাম সমীক্ষাৰাণী। গাঁৱৰ প্ৰাকৃতিক পৰিবেশৰ মাজত ডাঙৰ হোৱা এটি চঞ্চল পখিলা। লকডাউন যেন আৰ্শীবাদ হৈছে তাইলৈ। তাই পথাৰৰ বোকা মাটিৰ লেও লৈ সেউজীয়াৰ মাজত জীৱনৰ জীয়াৰ মন্ত্ৰ শিকিছে। লকডাউনৰ সময়চোৱাত নিজৰ অভিনয় প্ৰতিভাৰে এখনি ছুটি ছবি নিৰ্মাণৰ কামতো তাই ব্যস্ত। সমীক্ষাৰাণীৰ দৰে আন সকল শিশুৱেও যেন দমবন্ধ সময়চোৱাত নিজৰ প্ৰতিভা বিকশাই তোলক। এনেদৰে বহু শিশু আছে সমীক্ষাৰাণীৰ দৰে। যিসকলে হোমৱৰ্ক, আৰ্টস্কুল, ড্যান্সস্কুল, চুইমিং ক্লাছ আদিৰ পৰা মুক্ত হৈ নিজৰ সৃষ্টিশীল প্ৰতিভাক মুক্তভাৱে প্ৰকাশ কৰি আছে তেওঁ লোকে এই লকডাউনৰ সময়চোৱাক অভিশাপ হিচাপে নলৈ আৰ্শীবাদ বুলি যেন গ্ৰহণ কৰে।

Leave A Reply