Breaking

অসাধু চক্ৰৰ বিৰুদ্ধে সাজু চিবিআই : মাৰাত্মক ৰাসায়নিক দ্ৰব্যৰে বজাৰত বিক্ৰী নকল ছেনিটাইজাৰ ।

0 591

দৈনন্দিন বাৰ্তা:

ক’ৰোনৰ বিৰুদ্ধে অন্যতম অস্ত্ৰ হেণ্ড ছেনিটাইজাৰ৷ এই হেণ্ড ছেনিটাইজাৰ লৈ সাৱধানবাণী শুনালে চিবিআইয়ে৷ চিবিআইয়ে সতৰ্ক কৰিছে যে মাৰাত্মক ৰাসায়নিক দ্ৰব্য দি নকল ছেনিটাইজাৰ বজাৰত বিক্ৰীৰ বাবে এৰি দিছে৷ ইয়াৰ ব্যৱহাৰ হ’ব পাৰে ভয়ংকৰ৷ বিষাক্ত মিথানল দি তৈয়াৰ কৰা হৈছে নকল ছেনিটাইজাৰ৷ অতিৰিক্ত মুনাফাৰ লোভত কেতবোৰ অসাধু ব্যৱসায়ীয়ে এইবোৰ তৈয়াৰ কৰিছে৷ এই বিষয়ে চিবিআইক কিছুদিনৰ আগতে ইণ্টাৰপ’লে কিছু তথ্য দিছিল৷ আন্তর্জাতিক আৰক্ষীয়ে জনায়, কেইখনমান দেশে নকল ছেনিটাইজাৰ বজাৰত এৰি দিছে৷ সেইবোৰত বিষাক্ত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছে৷ এইবোৰ স্বাস্থ্যৰ বাবে অতি বিপদজনক৷ ভাৰতত একেই কার্যকলাপ চলিছে৷ চিবিআইয়ে লগতে জনায় যে এইবাৰ পিপিই বা ছেনিটাইজাৰ বিক্ৰীৰ নামত অনলাইনত ফান্দ পাতিছে কিছুমান অসাধু চক্ৰই৷ গ্ৰাহকৰ পৰা অনলাইনত টকা লৈ সামগ্ৰী দিয়া নাই৷ তেওঁলোকলৈ ফোন কৰিলেও কোনো উত্তৰ নিদিয়ে৷ এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিব চিবিআইয়ে৷ 

Leave A Reply