Breaking

চিবিআইৰ কাৰ্যালয়তে তালাচী চিবিআই বিষয়াৰ : কিন্তু কিয় !

0 44

এবাৰ দুৰ্নীতিৰ অভিযোগ উঠিল খোদ দুৰ্নীতিৰ তদন্তকাৰীৰ বিৰুদ্ধে ৷ অৰ্থাৎ দুর্নীতিৰ অভিযোগত এইবাৰ নিজৰ কাৰ্যালয়তেই তালাচী চলালে চিবিআই বিষয়াই।

উল্লেখ্য, বেঙ্ক প্রতাৰণাত জড়িত বহু কেইটা কোম্পানীক সহযোগিতা কৰা আৰু তেওঁলোকৰ পৰা উপঢৌকন লোৱাৰ অভিযোগ উঠিছে বহু কেইজন চিবিআই বিষয়াৰ বিৰুদ্ধে। দেশৰ বিভিন্ন ৰাজ্যৰ চিবিআইৰ বিভিন্ন কার্যালয়ত কর্মৰত এই বিষয়াসকলৰ বিৰুদ্ধে চিবিআইৰ দুর্নীতি নিৰ্মূল শাখাই গোচৰো ৰুজু কৰিছে।

চিবিআইৰ মুখপাত্র আৰ চি যোশীয়ে জনোৱা মতে, দিল্লী, গাজিয়াবাদ, নয়ডা, গুৰুগ্রাম, মিৰাট আৰু কানপুৰসহ দেশৰ ১৪টা স্থানত চিবিআইয়ে এই তালাচী অভিযান চলাইছে।

চিবিআই সূত্র মতে, অভিযুক্তসকলৰ ভিতৰত আছে চিবিআইৰ ডিএছপি আৰ কে ঋষি । তেওঁ গাজিয়াবাদৰ চিবিআই একাডেমিত কর্মৰত। ইয়াৰ উপৰি, বাকী তিনি অভিযুক্ত হ’ল, ডিএছপি আৰ কে ছাঙ্গোৱান আৰু বেঙ্ক ছিকিউৰিটি এণ্ড ফ্রড ছেলত কর্মৰত দুই বিষয়া ইনস্পেক্টৰ কপিল ধনখড় আৰু ষ্টেনো সমীৰ কুমাৰ সিং। এইসকল বিষয়াই নিজৰ পদমর্যাদাৰ সুযোগ গ্ৰহণ কৰি দুর্নীতিত সহায় কৰাৰ অভিযোগ উঠিছে।

Leave A Reply