Breaking

১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ নহয় “গৰু আলিংগন” দিৱস পালন কৰক…

0 71

সমগ্ৰ দেশতে আৰম্ভ হোৱা ভেলেণ্টাইন ডে’ৰ বাবে সপ্তাহজোৰা প্ৰস্তুতিৰ মাজতে ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে ১৪ ফেব্ৰুৱাৰীত ‘গৰু আলিংগন দিৱস’ হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে।

গৰুৰ উপকাৰিতাৰ সংখ্যা গণনা কৰি ব’ৰ্ডে মাতৃ গৰুৰ গুৰুত্ব আৰু ইতিবাচকতা বিয়পোৱাৰ কথা মনত ৰাখি ১৪ ফেব্ৰুৱাৰীক ‘গৰু আলিংগন দিৱস’ হিচাপেও পালন কৰিবলৈ আহ্বান জনাইছে।

ভাৰতীয় পশু কল্যাণ ব’ৰ্ডৰ আইনী উপদেষ্টা অধিবক্তা বিক্ৰম চন্দ্ৰবংশীয়ে ইণ্ডিয়া টুডেএনইৰ সৈতে হোৱা কথা-বতৰাত কয়, “ইয়াৰ আঁৰৰ মূলমন্ত্ৰ হৈছে মানুহক প্ৰাণীৰ প্ৰতি মমতা প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰা। সাধাৰণ জনতাক উৎসাহিত কৰিবলৈ গৰুৰ উপকাৰিতা জানি লওক। আপোনালোকে জানে যে পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত মানুহে লাহে লাহে নিজৰ পৰম্পৰাৰ পৰা আঁতৰি আহিছে, গতিকে জনসাধাৰণৰ মাজত তেওঁলোকৰ সংস্কৃতিৰ প্ৰতি হেৰুৱা আগ্ৰহ পুনৰ জগাই তোলাটো আমাৰ ফালৰ পৰা এক প্ৰয়াস। যেনেকৈ আমি যোগ দিৱস পালন কৰোঁ আৰু কেইবাটাও মন্ত্ৰালয়ৰ দ্বাৰা এনেধৰণৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে, ঠিক তেনেদৰে ভাৰতীয় পশু কল্যাণ ব’ৰ্ডৰ সহযোগত মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়েও গৰু আলিংগন দিৱস পালনৰ এই পদক্ষেপ গ্ৰহণ কৰিছে”।

প্ৰাচীন বৈদিক সংস্কৃতিৰ ওপৰত পশ্চিমীয়া সংস্কৃতিয়ে কেনেদৰে লুটপাতৰ চলাইছে সেই বিষয়ে আলোকপাত কৰি ব’ৰ্ডে নিজৰ জাননীত আৰু কয় যে, “কালৰ লগে লগে পশ্চিমীয়া সংস্কৃতিৰ অগ্ৰগতিৰ বাবে বৈদিক পৰম্পৰা প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে। পশ্চিমীয়া সভ্যতাৰ চকু কপালত তুলিছে আমাৰ ভৌতিক সংস্কৃতি আৰু ঐতিহ্যক প্ৰায় পাহৰি যোৱা”।

গতিকে ১৪ ফেব্ৰুৱাৰীত পালন কৰক “গৰু আলিংগন” দিৱস।

Leave A Reply