Breaking

লাকুৱাত আলফাৰ ২৯তম শ্বহীদ দিৱস পালন

0 1,281

গেলেকী :  শিৱসাগৰ আৰু চৰাইদেউ জিলা অসম-নাগালেণ্ড ও অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত বিদ্ৰোহী সংগঠনসমূহৰ চলা-ফুৰা, কাম-কাজ কৰাৰ সন্দেহজনক স্থিতিসমূহ কেতিয়াও নুই কৰিব নোৱাৰি। শেহতীয়াকৈ নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাত সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ ২৯ তম শ্বহীদ দিৱস পালন কৰাৰ খবৰ পোৱা গৈছে। ২৭ জুলাই দিনা উক্ত শ্বহীদ দিৱস পালন কৰে আলোচনাপন্থী আলফাৰ সংগ্ৰামী লোকসকলে। সম্প্ৰতি অসমৰ মুক্তিকামী জনসাধাৰণৰ বাবে প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই লাকুৱাস্থিত আলোচনাপন্থী আলফাৰ মুখ্য কাৰ্যালয় নৱ নিৰ্মাণ কেন্দ্ৰত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় আলফাৰ শ্বহীদ দিৱস। উল্লেখ্য যে আলোচনা পন্থী আলফাৰ সদস্য আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ উপস্থিতিত আয়োজন কৰা এই অনুষ্ঠানত সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাজখোৱাই সংগঠনটোৰ পতাকা উত্তোলন কৰি মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে শ্বহীদ স্তম্ভত বন্তি প্ৰজ্বলন, পুস্পাঞ্জলি জ্ঞাপন কৰি শ্বহীদ সকলক স্মৰণ কৰা হয়। পতাকা উত্তোলন কৰি দিয়া ভাষণত সভাপতি ৰাজখোৱাই কয় যে ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ বাবে দেশৰ অৰ্থনীতি ভাঙি থানবান হোৱাৰ উপক্ৰম হৈছে। ইয়াৰ ফলত দেশৰ দৰিদ্ৰ জনসাধাৰণে যথেষ্ট অসুবিধাৰ মাজেদি দিন অতিবাহিত কৰিব লগা হ’ব। সশস্ত্ৰ সংগ্ৰামৰ পন্থা পৰিহাৰ কৰি অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মূলসুঁতিলৈ উভতি অহা আলোচনাপন্থী আলফা সদস্য সকলেও একেই পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে। আনহাতে দেশৰ জনসাধাৰণে অতিবাহিত কৰি থকা এই জটিল সময়ত আলফা শ্বহীদ সকলক স্মৰণ কৰি সভাপতি ৰাজখোৱাই সকলোকে ধৈৰ্য্য সহ আগবাঢ়িবলৈ আহ্বান জনায়। য’ত কেইবাগৰাকীও শীৰ্ষ আলোচনাপন্থী আলফা নেতাই অংশগ্ৰহণ কৰে।

Leave A Reply