Breaking

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ব’হাগৰ এটা দিন উদযাপন…

0 23

যোৱা সোমবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য চ’ৰাৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ চৌহদত ‘বিহু গ’লে বিনাবা কাক’ শীৰ্ষক ব’হাগৰ এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে নিজাকৈ প্ৰস্তুত কৰা বিভিন্ন থলুৱা খাদ্যাভ্যাস, সাজ-পাৰ, আ-অলংকাৰৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে ।

অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, সহকাৰী পঞ্জীয়ক(শৈক্ষিক) ড° বিচিত্ৰ বিকাশ, সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক মানস কপিল পাঠক, বিভাগটোৰ মুৰব্বী ড° শ্যামলী দলৈৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী, অধ্যাপক-অধ্যাপিকা, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷ বিয়লিলৈ আয়োজিত ব’হাগৰ এদিন কাৰ্যসূচীত আদৰণি ভাষণ প্ৰদান কৰে চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ কৌশিক নন্দন বৰুৱাই ।

বিভাগৰ অধ্যাপক ড° চন্দ্ৰকমল চেতিয়া আৰু অধ্যাপক, লেখক গণেশ বৰাই অনুষ্ঠানটোত বিহু সম্পৰ্কে তাত্বিক বক্তব্য আগবঢ়াই । অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকা ঈশাপ্ৰিয়া শইকীয়াই পাৰ্শ্বজ্যোতি নাথ আৰু বিপ্লৱ চেতিয়াৰ সহযোগত গীত পৰিৱেশন কৰাৰ লগতে শিক্ষাতত্ব বিভাগৰ ছাত্ৰীসকলে জেং বিহু প্ৰদৰ্শন কৰে । তদুপৰি বিভাগৰ ছাত্ৰ শান্তনু কৌশিক শইকীয়া, ছাত্ৰী হিমাশ্ৰী ভট্টাচাৰ্যই গীত পৰিৱেশন কৰে লগতে বিভাগৰ ছাত্ৰী প্ৰিয়ংকা টায়েঙে বিহু নৃত্য প্ৰদৰ্শন কৰে । হিমশিখা সন্দিকৈয়ে আঁতধৰা অনুষ্ঠানত কৰুণা কচাৰীয়ে শলাগৰ শৰাই আগবঢ়াই ।

Leave A Reply