Breaking

নগাঁৱত সুশাসন দিৱস উদযাপন : কৃষকসকল হৈছে সমাজৰ অৰ্থনৈতিক ব্যৱস্থাৰ ভেটি গঢ়োতা : ৰূপক শৰ্মা

0 2,573

নগাঁও, ২৫ ডিচেম্বৰ: ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশ জুৰি উদযাপিত হোৱা “সুশাসন দিৱস” আজি নগাঁৱতো উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লগতে পাখিমৰীয়া উন্নয়ন খন্ড, খাগৰিজান উন্নয়ন খন্ডৰ সহযোগত  “সুশাসন দিৱস” ৰ কাৰ্যসূচী অনুষ্ঠিত হয়। পাখিমৰীয়া উন্নয়ন খন্ডৰ “সুশাসন দিৱস”ৰ কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত কৃষক সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত কবিথা পদ্মনাভন , জিলা মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ শৰ্মা , জিলা কৃষি বিষয়া অশোক বৰঠাকুৰ, পাখিমৰীয়া খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তী , পাখিমৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰিয়াজুল হক, খাগৰিজান আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী কোঁৱৰ আৰু স্থানীয় কৃষক সকল উপস্থিত থাকে। উক্ত সভাত বিধায়ক ৰূপক শৰ্মাই  প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত আৰম্ভ হোৱা সুশাসনৰ ভেটি  সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি লগতে কয় যে এই গৰাকী মহান নেতাৰ সপোনক সম্পূৰ্ণ ৰূপে বাস্তবায়িত  কৰিব পাৰিলেহে আমি ভবিষ্যত দিনত সফল হব পাৰিম। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ কৃষক সকলৰ বাবে কৃষক সন্মান নিধি মুকলি কৰা কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰি বিধায়ক শৰ্মাই কয় যে মানৱজীৱনত কৃষকৰ অপৰিসীম অৱদান আছে। কৃষকসকল হৈছে সমাজৰ অৰ্থনৈতিক ব্যৱস্থাৰ ভেটি গঢ়োতা। এই কৃষক সকলৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীয়ে গ্ৰহণকৰা পদক্ষেপক বিধায়ক শৰ্মাই শলাগ লয়। ইপিনে সুশাসন দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষক সকলৰ বাবে মুকলি কৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক সভাত উপস্থিত কৃষক সকলে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে পাখিমৰীয়া উন্নয়ন খন্ডৰ লগতে খাগৰিজান উন্নয়ন খন্ডত আজি অনুষ্ঠিত কৃষক সভাৰ কাৰ্যসূচীত উপস্থিত সকলোৱে দূৰদৰ্শন যোগে সম্পচাৰ হোৱা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ শুনি অনুপ্ৰাণিত হোৱা পৰলক্ষিত হয়। ইফালে অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ সদৰ মন্ডল আৰু হয়বৰগাঁও মন্ডলৰ কৰ্মকতা সকলে মহান নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। এই উপলক্ষে আমোলাপট্টিস্হিত ৰত্নকান্ত বৰকাকতী  হাইস্কুল খেলপথাৰত বিজেপিৰ সদৰ মন্ডল আৰু হয়বৰগাঁও মন্ডলৰ মাজত এখনি প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। উক্ত প্ৰীতি ক্ৰিকেট খেলত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই খেলুৱৈ সকলক উৎসাহিত কৰে।

Leave A Reply