চাপৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ ১৮ সংখ্যক মৃত্যুবাৰ্ষিকী পালন। চাৰভাইভেল হ্লেপ গ্ৰুপ(NGO)ৰ একবিংশ তম প্ৰতিষ্ঠা দিৱস আৰু জননেতা গৰাকীৰ মৃত্যুবাৰ্ষিকী চাপৰৰ ভকতগাঁওস্থিত শৰৎ চন্দ্ৰ সিংহ সাংস্কৃতিক ক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে পালন কৰে। লগতে চাপৰৰ গান্ধী ময়দানত অৱস্থিত শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্ত্তিত মাল্য অৰ্পন,বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি আৰু বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে বিজেপিৰ চাপৰ-বহলপুৰ মণ্ডলৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় ৰাইজে।
আৰু ইফালে ভাৰতীয় জনতা পাৰ্টীৰ চাপৰ-বহলপুৰ মণ্ডলৰ কাৰ্যালয়ত ভাৰত ৰত্ন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম দিনটো পালন কৰে।

