Breaking

শিমলুগুৰি সন্মিলিত যুৱ সমাজৰ সপ্তম প্ৰতিষ্ঠা দিৱস আৰু শৰতৰ সন্ধিয়া উদযাপন

0 49

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ৯ নৱেম্বৰঃ নাজিৰা মহকুমাৰ শিমলুগুৰি সন্মিলিত যুৱ সমাজৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শৰতৰ সন্ধিয়া নামাকৰনেৰে এক অনুষ্ঠান শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। সন্মিলিত যুৱ সমাজৰ প্ৰতিষ্ঠা দিৱসৰ শৰতৰ সন্ধিয়াৰ এই অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে চৰাইদেউ পৰ্বত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা কিৰ্তী শিক্ষকৰ বঁটা লাভ কৰা সুষমা চাংমাই, শিমলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া  বিজয় দূৱৰা, বনভোজ স্থলী কমলাবাৰীৰ জন্মদাতা নিৰণ গগৈ , আছুৰ শিৱসাগৰ জিলা সমিতিৰ উপদেষ্টা অসীম দত্ত, আছুৰ শিৱসাগৰ জিলাৰ নৱ নিৰ্বাচিত সভাপতি মানৱ হাজৰিকা, উপ-সভাপতি পৰাগ দত্ত, সাংবাদিক অনন্ত কলিতা, মনোজ দত্ত, জয়ন্ত বৰুৱা, দিলীপ হাজৰিকা, চৰিফ আলী, নৱ বৰগোঁহাই, হিউমেন ওৱেল ফেয়াৰ চচাইতিৰ পৰিচালন সঞ্চালক  নাচেৰ খান, শিক্ষক ৰূপম নাৰায়ণ গগৈ আদিয়ে।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা শৰতৰ সন্ধিয়া অনুষ্ঠানত অন্তৰংগ আলাপৰ লগতে কেইবাগৰাকীও ব্যক্তিক কভিদ যোদ্ধা আৰু কৰ্মদক্ষতাৰ ওপৰত সন্মান জনাই সম্বৰ্ধনা জনোৱা হয়। অন্তৰংগ আলাপত অংশ লৈ শিক্ষক, সাংবাদিক, আছু নেতা, সমাজসেৱক আদিয়ে সমাজ সচেতনা আৰু নিজা কৰণীয় সন্দৰ্ভত মন্তব্য আগবঢ়াই। আজিৰ এই অনুষ্ঠানটোত সন্মিলিত যুৱ সমাজৰ তৰফৰ পৰা তিনিটা অক্সিজেন চিলিণ্ডাৰ আনুষ্ঠানিক ভাবে আগবঢ়াই।  অনুষ্ঠান টোৰ আঁত ধৰে প্ৰণৱজ্যোতি দত্তই আৰু সমগ্ৰ অনুষ্ঠানটোৰ আয়োজন আৰু পৰিচালনা কৰে সন্মিলিত যুৱ সমাজৰ পৰিচালক নেকিবুল হকে। 

Leave A Reply