Breaking

ডিমাকুছিত বৰঙাজুলি সত্ৰৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্তৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন…

0 1,588

অসমৰ শংকৰী সংস্কৃতিৰ অন্যতম সাধক , বৰঙাজুলি সত্ৰৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্তৰ প্ৰথম মৃত্যুতিথি আজি দিনজোৰা কাৰ্য্যসূচীৰে সত্ৰাধিকাৰ গৰাকীয়ে নিজহাতে প্ৰতিষ্ঠা কৰা বৰঙাজুলি সত্ৰত পালন কৰা হ’য় ।কাৰ্যসূচী মতে ৰাতিপুৱা ৪ বজাত জাগৰণৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে খৈৰাবাৰী সত্ৰৰ উদ্ধৱ ওজাই ৷ ৰাতিপুৱা ১০:৩০ বজাত বৈকুণ্ঠগামী সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ প্ৰতিচ্ছৱিত মল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়োই ৷সত্ৰীয়া সংস্কৃতিৰ অনুগামী তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সচিব থানেশ্বৰ মালাকাৰৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত প্ৰয়াত সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ আধাৰত প্ৰস্তুত কৰি উলিওৱা স্মৃতিগ্ৰন্থ ” বৈকুণ্ঠ দুতয় ” উন্মোচন কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷

স্মৃতিগ্ৰন্থ উন্মোচন কৰি দৈমাৰীয়ে বৃহত্তৰ ডিমাকুছিকে ধৰি সমগ্ৰ উত্তৰ অঞ্চলতোলৈ প্ৰয়াত সত্ৰাধীকাৰ গৰাকীয়ে আগবঢ়োৱা অৱদানক সোঁৱৰি সত্ৰ খনৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰে আলোচনা শীঘ্ৰেই ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে ৷হৰেকৃষ্ণ মহন্ত আতাৰ মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ বহু কেইখন সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ , জ্যেষ্ঠ প্ৰশাসনীয় বিষয়া দিঠকানন্দ হাজৰিকা , বিটিচিৰ মনোনিত পাৰিষদ প্ৰদীপ চন্দ্ৰ বায়ন প্ৰমুখ্যে বহুসংখ্যক লোক উপস্থিত থাকে৷ উল্লেখযোগ্য যে অসমৰ সকলো সত্ৰ নামঘৰ সমূহতকৈ বৰঙ্গাজুলি সত্ৰ কিছু ব্যতিক্ৰমি । সত্ৰখনত প্ৰয়াত মহন্ত আতা বাপে সকলো জাতি জনগোষ্ঠীৰ লোকে একতাৰ এনাজৰীত বান্ধি ৰাখিছে । স্মৃতিচাৰণ সভাত আঁতাৰ অনুগামী সহস্ৰাধিক ভক্তপ্ৰাণ লোক উপস্থিত থাকে৷

Leave A Reply