Breaking

ডুমডুমাত ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

0 69

ডিৰাক সীমান্ত

সমগ্ৰ বিশ্বত কৰ’ণা মহামাৰিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত সংক্ৰমণ ৰোধৰ বাবে ভাৰত বৰ্ষত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে চৰকাৰৰ নীতি-নিৰ্দেশনাৰ প্ৰতি পূৰ্ণ সঁহাৰি জনায় সামাজিক দূৰত্ব বজাই ৰাখি ডুমডুমা শাখা সাহিত্য সভা প্ৰাঙ্গণত আজি ডুমডুমা শাখাই ইলোৰা বিজ্ঞান মঞ্চৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি অনুষ্টুপীয়াকৈ পালন কৰে। শাখাৰ সভাপতি ঝিকানন্দ বৰগোঁহাইয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে মহীয়সী নাৰী ইলোৰা ৰায়চৌধুৰীৰ স্মৃতিত তেওঁৰ প্ৰতিচ্ছবিৰ সমূখত বন্তি প্ৰজ্বলন কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই৷ শাখাৰ কাৰ্যকৰী সভাপতি তাৰিণী ডেকাই উপস্থিত ৰাইজৰ সমূখত চমুকৈ দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ অনুষ্ঠানটোত অন্যান্যসকলৰ লগতে শাখা সাহিত্য সভাৰ সম্পাদক দেবেন ডেকা, সদস্য সঞ্জু নাথ, ইলোৰা শাখাৰ কোষাধ্যক্ষা সুফলা মৰাণ, সদস্যা ননী ডেকা উপস্থিত থাকে৷

Leave A Reply