Breaking

কাকপথাৰত বিশ্ব নাৰ্চ দিৱস পালন

0 216

ডিৰাক সীমান্ত

‘বিশ্ব নাৰ্চ দিৱস’ সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১২ মে’ তাৰিখে পালন কৰা হয়। মঙলবাৰে এই দিনটোতে শুভ্ৰতাৰ প্ৰতীক আধুনিক নাৰ্চিঙৰ পথ প্ৰদৰ্শক ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল ১৮২০ চনৰ ১২ মে’ তাৰিখে ইটালীৰ ফ্লোৰেন্স চহৰত৷ ফ্লোৰেন্স নাইটিংগেলৰ জন্ম দিৱসটো বিশ্ব ধাত্ৰী দিৱস হিচাপে পালন কৰা হয়। সমগ্ৰ বিশ্বতে মহামাৰী ক’ৰোনা ভাইৰাছে ত্ৰাস সৃষ্টি কৰি থকাৰ ফলত নাৰ্চসকল অধিক ব্যস্ত হৈ থকাৰ মাজতো মঙলবাৰে কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নাৰ্চসকলে ‘বিশ্ব নাৰ্চ দিৱস’ উপলক্ষে ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্জ্বলন কৰাৰ লগতে কাকপথাৰস্থিত চেণ্ট্ৰেল বেংক অব ইণ্ডিয়াৰ বিষয়া-কৰ্মচাৰী আৰু গ্ৰাহকসকলৰ মাজত মাস্ক বিতৰণ কৰে। বৃহত্তৰ কাকপথাৰ সাংবাদিক সন্থাই নাৰ্চসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতিগৰাকী নাৰ্চক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷

Leave A Reply