Breaking

মাজুলী জিলাৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপন; মুখ্যমন্ত্ৰীসহ মন্ত্ৰী বিধায়ক, সাংসদৰ অংশগ্ৰহণ

0 1,295

উজনি-মাজুলীঃ মাজুলী জিলাৰ পঞ্চম প্ৰতিষ্ঠা দিৱস আজি ঐতিহাসিক দৰিয়াপাৰৰ মাজুলী মহাবিদ্যালয় খেলপথাৰত ক’ভিড-১৯ প্ৰট’কল অনুসৰণ কৰি উদযাপন কৰা হয়। এই অনুষ্ঠানত সমষ্টিটোৰ বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যৰ শ্ৰমিক কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী সঞ্জয় কিষাণে বিশিষ্ট অতিথি আৰু লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, টিংখাং আৰু ধেমাজিৰ বিধায়কদ্বয় বিমল বৰা আৰু ডাঃ ৰণোজ পেগুৱে অতিথি হিচাপে এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী গৰাকীয়ে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত পুষ্পাঞ্জলিৰে সুধাকণ্ঠগৰাকীলৈ জন্মদিনৰ শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে। পঞ্চম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষ্যত মাজুলী জিলা প্ৰশাসনে জিলাখনৰ বিশখন গাঁও পঞ্চায়তৰ প্ৰতিখনতে জিলা প্ৰতিষ্ঠাৰে পৰা এতিয়ালৈকে চৰকাৰী বিভাগসমূহে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিশখন খতিয়ান-পুস্তিকাৰ লগতে এখন জিলাস্তৰীয় প্ৰমুখ উন্নয়নমূলক আঁচনিসমূহকলৈ যুগুতোৱা পুস্তিকাও মুখ্যমন্ত্ৰী গৰাকীয়ে আজিৰ অনুষ্ঠানতে উন্মোচন কৰে। তদুপৰি, জিলাখনত বিভিন্ন বিভাগৰ দ্বাৰা প্ৰায় ৫২.৪০ কোটি টকা ব্যয়েৰে ৰূপায়ণ সম্পূৰ্ণ কৰা ১৪৫খন আঁচনি শুভ উদ্বোধন কৰাৰ লগতে প্ৰায় ৬৭.৯৯ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলৈ লোৱা ১৮৩খন আঁচনিৰ আধাৰশিলাৰ ফলক মুখ্যমন্ত্ৰী গৰাকীয়ে উন্মোচন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীক মহকুমা জনকল্যাণ বিভাগ আৰু ৰেচম বিভাগৰ আঁচনিৰ অধীনত পাঁচগৰাকীকৈ হিতাধিকাৰীক আৰ্থিক সাহাৰ্যৰ চেক আনুষ্ঠানিক ভাৱে বিতৰণ কৰে।

Leave A Reply