Breaking

ধনশিৰিত ভাৰতৰ অন্যতম স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ ৭৭ তম মৃত্যু বাৰ্ষিকী উদযাপন । অসাৰ প্ৰতিপন্ন হ’ল শ্বহীদ জনাৰ নামত উদ্যান স্হাপনৰ মুখ্যমন্ত্ৰীৰ ঘোষণা।

0 590

দৈনন্দিন বাৰ্তা:

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী শ্বহীদ  কুশল কোঁৱৰৰ ৭৭ তম মৃত্যু  দিৱসটি তেখেতৰ কৰ্মস্হলী  ধনশিৰি মহকুমাৰ সৰুপথাৰতো ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত  অনুষ্ঠিত কৰা হয়৷  পুৱা ন বজাত সৰুপথাৰ ৰাজহুৱা ভৱন চৌহদত শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্ত্তিত ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিবাকৰ নাথে বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ উপৰিও সৰুপথাৰ সুমহীয়া স্বাস্হ্য কেন্দ্ৰটো শ্বহীদ জনাৰ মৃত্যু তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰা হয়৷  কিন্তু ইয়াৰ মাজতে অভিযোগ উঠিছে অসম চৰকাৰে শ্বহীদ জনৰ ত্যাগক চৰম অপমান কৰাৰ৷ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৮ চনত আজিৰ দিনটোতে শ্বহীদ কুশল কোঁৱৰৰ বাসগৃহলৈ আহি সৰুপথাৰ ৰেল ষ্টেচনৰ সমীপত ৰেল বগৰোৱা স্হানত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি ৰক্ষাৰ স্বাৰ্থত এখন উদ্যান স্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ স্বাধীনতা সেনানীয়ে বৃটিছ সেনাবাহিনীৰ ৰেল বগৰোৱা স্হান সৰুপথাৰৰ শুকান নলাৰ কাষতে স্হাপন কৰাৰ কথা আছিল মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা স্বহীদ স্মৃতি উদ্যানখন৷ কিন্তু সেই ঘোষণা আজিও কাৰ্য্যকৰী নহ’ল৷ উকা হৈয়ে থাকিল শুকান নলাৰ পাৰ৷ সৰুপথাৰৰ ৰেল ষ্টেছনৰ উন্নয়নৰ লগতে মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আজিও কাৰ্য্যকৰী নহল৷ এই ক্ষেত্ৰত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত উদ্বেগ প্ৰকাশ কৰে মুক্তি যুঁজাৰু সংস্থাৰ লগতে সৰুপথাৰৰ বিভিন্ন দল-সংগঠনে৷

Leave A Reply