Breaking

যোৰহাট বনসংমণ্ডলৰ বন্যপ্ৰাণী সপ্তাহ উদযাপন ৷ যোৰহাটৰ পৰা মৰিয়নি গীবন অভয়াৰণ্য টীয়ক হৈ সজাগতা ৰেলী

0 1,420

ভগামুখঃ যোৰহাট বনসংমণ্ডলৰ অধীনৰ যোৰহাট আৰু মৰিয়নি আঞ্চলিক বন কাৰ্যালয়ৰ উদ্যোগত ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈকে সাতদিনীয়াকৈ বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হৈছে ৷ ইয়াৰ লগত সংগতি ৰাখি যোৰহাটৰ পৰা মৰিয়নি গীবন অভয়াৰণ্য টীয়ক হৈ সজাগতা ৰেলী অনুস্থিত কৰা হয় ৷ স্বেচ্ছাসেৱী অনুস্থান ৰেঙণি এটি আশাৰ সঞ্চালক বিজু কুমাৰ শৰ্মাই আতঁ ধৰা আৰু যোৰহাটৰ ৰেঞ্জাৰ অৰুণ কুমাৰ কলিতা আৰু মৰিয়নিৰ ৰেঞ্জাৰ মুকুট ৰাভাই শুভাৰম্ভ কৰা বন্যপ্ৰাণীৰ সংৰক্ষণৰ এই সজাগতা ৰেলীয়ে যোৰহাটৰ বিভিন্ন স্থান, মৰিয়নি, গীৱন অভয়াৰণ্য আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চল, বলমা, টীয়ক, কাকজান, লাদৈগড় আদি অঞ্চলত বন্যপ্ৰাণী সজাগতাৰ আৰু সংৰক্ষণৰ ওপৰত আমাৰ কৰণীয়ৰ লগতে হাতী মানুহৰ সাংঘাত ৰোধৰ উপায়ৰ এক বিশেষ ঘোষণাৰে সজাগতাৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন স্থানত গছপুলি বিতৰণ কৰে ৷ ৰেলিৰ আৰম্ভণিতে ৰেঙণি এটি আশাৰ তৰফৰ পৰা সদস্য গৌৰীশংকৰ শৰ্মাৰ সহযোগত বনকৰ্মী আৰু বন বিষয়া সকলক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয় ৷ কৰনা মহামাৰীৰ বাবে সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনা মানি কৰা এই সজাগতা ৰেলীয়ে ভৱিষ্যত প্ৰজন্মক বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব আৰু লগতে যোৰহাট বন সংমণ্ডলৰ এনে প্ৰসংসনীয় বুলি ৰাইজে মন্তব্য কৰিছে ৷

Leave A Reply