Breaking

১১-১২ মে’ত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱঃ চহা শিল্পী চক্ৰপতি দেউৰীলৈ শিল্পী অই আপ্পুন গণেশ পেগু বঁটা…

0 31

গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৪০ সংখ্যক গোগামুখ কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱটি ১১ আৰু ১২ মে’ত দুদিনীয়ৰ বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ ধেমাজি জিলাৰ গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হ’ব লগা উক্ত ব’হাগী বিদায় উৎসৱ সাফল্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰা হৈছে ৷ এইমতে ড° ৰূপেশ্বৰ চেতিয়াক সভাপতি, ড° সুৰজিৎ দলেক কাৰ্যকৰী সভাপতি, ঋতুপৰ্ণ কোঁচক সম্পাদক হিচাপে দায়িত্ব দিয়া হৈছে ৷ উদযাপন সমিতি আৰু গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি দিগন্ত বৰুৱা আৰু সম্পাদক ৰাহুল দেউৰীয়ে জনোৱা মতে গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই প্ৰতি বছৰে প্ৰদান কৰি অহা  বৰেণ্য শিল্পী-সাহিত্যিক, সমাজ সংগঠক শিল্পী অই আপ্পুন গণেশ পেগু বঁটা এইবাৰ প্ৰদান কৰা হ’ব চহা শিল্পী তথা দেউৰী  সমাজৰ পুৰুধা ব্যক্তি  চক্ৰপতি দেউৰীক ৷ চক্ৰপতি দেউৰী হৈছে দেউৰী সমাজৰ লোকগীত আৰু লোকসংস্কৃতিৰ সাধক আৰু পথ প্ৰদৰ্শক তথা দেউৰী সমাজৰ প্ৰথমগৰাকী সংগীতশিল্পী ৷  তেওঁ দেউৰী সমাজৰ প্ৰথমখন বোলছবি ‘চ্চেকুঁ নুৱামাৰ’ গীতিকাৰ-সুৰকাৰ আৰু কণ্ঠশিল্পী আছিল ৷

বহু দেউৰী গীতৰ স্ৰষ্টা চক্ৰপতি দেউৰী নিজাববীয়াকৈ ববীয়াকৈয়ো বহু দেউৰী গীত ৰচনা কৰি অসমৰ চুকে-কোনে পৰিৱেশন কৰাৰ লগতে অডিঅ’ৰ যোগেদিও বাণিবদ্ধ কৰিছে ৷ বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মিৰি-জীয়ৰি বোলছবিখনত অই আপ্পুন গণেশ পেগু আৰু চক্ৰপতি দেউৰীয়ে একেলগে অভিনয় কৰিছিল ৷ হাবি-জংঘলেৰে আবৃত তেতিয়াৰ  সোৱণশিৰি নদীৰ পাৰৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ড° হাজৰিকাক গণেশ পেগু আৰু চক্ৰ    দেউৰীয়ে অতিকৈ ওচৰ চপাই নিছিল তিনিওগৰাকীয়ে সোৱণশিৰি নৈৰ নৈসৰ্গিক দৃশ্য বহুদিন ধৰি উপভোগ কৰি ঘুনাসূঁতিৰ জংকি-পানৈক গীতেৰে-সুৰেৰে আৱিষ্কাৰ কৰিছিল ৷ দেউৰী  সমাজৰ এইগৰাকী পুৰুধা ব্যক্তি চক্ৰপতি দেউৰীৰ জন্ম হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কিনাপথাৰ দেউৰী গাঁৱত ৷  সৰুৰে পৰা গীত গাই, সংগীত চৰ্চ্চা কৰি ভালপোৱা আৰু অগনণ জনতাক গীতৰ মাদকতা বিলাই ফুৰা চক্ৰপতি দেউৰীৰ জীৱন সংগ্ৰাম কিন্তু বৰ সুখদায়ক নহয় ৷  সম্ভাৱনাময় মেধা শক্তি থাকিও কেৱল আৰ্থিক অনাটনৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো অবতীৰ্ণ হ’ব নোৱাৰিলে তেওঁ ৷

সম্প্ৰতি ৬২ বছৰ গৰকা চক্ৰপতি দেউৰীৰ থাকিবলৈ নাই উপযুক্ত ঘৰ, সংগীত চৰ্চা অব্যাহত ৰাখিবলৈ নাই কোনো সুবিধা ৷ আৰ্থিক অনাটনে জুৰুলা কৰা চক্ৰপতি দেউৰী সম্প্ৰতি জীৱন যুদ্ধত দিশহাৰা ৷ চৰকাৰী কোনো সা-সুবিধাই তেওঁ লাভ কৰা নাই ৷ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ পৰাও তেওঁ ফুটা কড়ি এটাও লাভ কৰা নাই ৷ এনে এজন অভাবগ্ৰস্ত শিল্পীক ছাত্ৰ সন্হাই অই আপ্পুন শিল্পী বঁটা প্ৰদান কৰাত স্বাভাৱিকতে দেউৰী সমাজৰ লগতে গোগামুখবাসী উৎফুলিত হৈ পৰিছে ৷ উল্লেখনীয় যে, ১২ মে’ত অই আপ্পুন শিল্পী গণেশ পেগু বঁটা চক্ৰপতি দেউৰীক প্ৰদান কৰা হ’ব ৷ এই বঁটাত আছে নগদ ধন, ফুলাম গামোচা, চেলেং চাদৰ, শৰাই, ৰিঃবি গাছেং, মিবু গালুগ, মিচিং মাফলাৰ, প্ৰশংসা পত্ৰ আদি ৷ উদযাপন সমিতিয়ে জনোৱা মতে ব’হাগী বিদায় উৎসৱত পূৰ্বৰ দৰে বৰ বিহুৱতী, সৰু বিহুৱতী, টকা বিহু, জেং বিহু, হুচৰি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে ৰচনা, টেকেলিভঙা, ৰচী টনা, পিতা-পনা বনোৱা প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব ৷

Leave A Reply