Breaking

চীনৰ নজৰত কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজু, উত্তৰ-পূৱৰ মুখ্যমন্ত্ৰী

0 1,301

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতৰ কমেও ১০ হাজাৰ বিশিষ্ট ব্যক্তিৰ ওপৰত দৃষ্টি ৰাখিছে চীনৰ তথ্য প্ৰযুক্তি কোম্পানী ঝেনহুৱাই ৷ এই তালিকাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি একাধিক কেন্দ্ৰীয় মন্ত্ৰী, আমোলা আছে৷ ডিজিটেল জগতত ঝেনহুৱাৰ দৃষ্টি পৰিছে উত্তৰ পূৱ ভাৰতৰ বিভিন্ন ৰাজ্য, মূলত অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ ১৮০ জন ৰাজনৈতিক ব্যক্তি ৷ উল্লেখ্য যে এই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আন্তৰ্জাতিক সীমান্ত আছে আৰু ভৌগোলিক দিশত অতি গুৰুত্বপূৰ্ণ ৷ ঝেনহুৱাৰ তথ্য ভাণ্ডাৰত কাশ্মীৰ উপত্যকা আৰু লাডাখৰ ৩০ উল্লেখযোগ্য ৰাজনৈতিক ব্যক্তি আৰু আমোলাা তথ্য আছে ৷ জানিব পৰা মতে ঝেনহুৱা ডাটা ইনফৰ্মেচন টেকন’লজি নামৰ এই প্ৰযুক্তিৰ কোম্পানীয়ে প্ৰতি সময়তে ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ গতিবিধিৰ ওপৰত দৃষ্টি দি আছে ৷ তেওঁলোকে নতুন কি আপলোড কৰিছে সকলো নজৰ ৰাখিছে৷ প্ৰস্তুত কৰা হৈছে বিশাল তথ্য ভাণ্ডাৰ ৷ গুৰুত্বপূৰ্ণ যে এই কোম্পানীৰ ৱেবছাইটত জড়িত আছে চীন চৰকাৰ, সেনা আৰু শাসক দলৰ কাৰণে তথ্য সংগ্ৰহ কৰা থাকে ৷ উত্তৰ পূৱ ভাৰতৰ ওপৰত চীনৰ তথ্য প্ৰযুক্তি কোম্পানীয়ে নজৰ দিয়াত একাধিক কাৰণ আছে ৷ তাৰে অন্যতম তাৎপর্যপূর্ণ কাৰণটো হ’ল সেই দেশৰ সীমাত ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মাণ কৰাৰ চেষ্টা আৰু নদীখনৰ গতিপথ সলনি কৰাৰ পৰিকল্পনা ৷ ইয়াকে কেন্দ্ৰ কৰি দুই প্ৰতিৱেশী ভাৰত-চীনৰ সংঘাত অন্য মাত্ৰা পাইছেগৈ ৷ ঝেনহুৱাৰ ডিজিটাল তথ্য ভাণ্ডাৰত আছে পশ্চিম বংগসহ অৰুণাচল, অসম, মণিপুৰ, মেঘালয়, ছিকিম, ত্রিপুৰাৰ বর্তমান আৰু প্রাক্তন প্রায় ১২ জন মুখ্যমন্ত্রী আৰু তেওঁলোকৰ আত্মীয়ৰ তথ্য ৷ এই সকলো ৰাজ্যৰ শক্তি, জলসম্পদ, জলসিঞ্চন, নদী উন্নয়ন আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ কৰ্মৰত আমোলাৰ গতিবিধিও ৷ কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহেবুবা মুফতি, মেঘালয়ৰ মুখ্যমন্ত্রী কনৰড চাংমা, নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ আৰু তাৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্টনো চীনৰ প্ৰযুক্তি কোম্পানীটোৰ নজৰত আছে ৷ কেৱল আন্তৰ্জাতিক সীমান্তৰ অৱস্থাৰ বাবেই নহয়, কেন্দ্ৰৰ ‘পূৱলৈ চোৱা নীতি’ বাস্তৱায়িতৰ ক্ষেত্ৰত এই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল অতি গুৰুত্বপূৰ্ণ ৷ দক্ষিণ-পূৱ এছিয়াৰ সৈতে ভাৰতৰ যোগসূত্ৰ স্থাপণ কৰা দেশৰ উত্তৰ পূৱ ভাৰতৰ এই আঠ ৰাজ্য৷ তদুপৰি ৰাজনৈতিকভাৱে ২০১৪ চনৰ পাচৰ পৰা ভাৰতৰ উত্তৰ-পূৱ ৰাজ্যবোৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে বিজেপিয়ে৷ বৰ্তমান অসম, ত্ৰিপুৰা, মণিপুৰত বিজেপিৰ শাসন ৷ ইয়াৰ উপৰি দেশৰ বহু ৰাজ্যত বিজেপিয়ে মিত্ৰতা কৰি চৰকাৰ গঠন কৰিছে ৷ জম্মু-কাশ্মীৰৰ পিডিপি নেত্ৰী মেহেবুবা মুফতিৰ উপৰি দৃষ্টিৰ তালিকাত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গুলাম আহমেদ মীৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছইফুদ্দিন ছোজ, কৰণ সিং ৷ ঝেনহুৱাৰ বিদেশী ডিজিটেল তথ্য ভাণ্ডাৰত অসম আৰু মেঘালয়ৰ প্ৰাক্তন দুজন মুখ্যমন্ত্ৰী, অৰুণাচলৰ প্ৰাক্তন তিনিজন, মণিপুৰ, ছিকিম, মিজোৰামৰ এজনকৈ মুখ্যমন্ত্ৰীৰ সকলো তথ্য আছে ৷ ইয়াৰ উপৰি দৃষ্টিত আছে বৰ্তমানৰ লাডাখৰ উপৰাজ্যপালৰ পৰামৰ্শদাতা প্ৰাক্তন আমোলা নৰুলা আৰু বোমডিলাো প্ৰাক্তন বিধায়ক আৰু অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পৰামৰ্শদাতা জেপু দেৰুক ৷

Leave A Reply