Breaking

দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছত কেন্দ্ৰই প্ৰদান কৰিছে জেড+ শ্ৰেণীৰ নিৰাপত্তা

0 113

এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।দ্ৰৌপদী মুৰ্মুক কেন্দ্ৰৰ জেড+ শ্ৰেণীৰ নিৰাপত্তা আৱৰণ প্ৰদান । ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুক এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছত কেন্দ্ৰই তেওঁক জেড+ শ্ৰেণীৰ নিৰাপত্তা আৱৰণ প্ৰদান কৰিছে।

সশস্ত্ৰ কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) দ্বাৰা তেওঁ চব্বিশ ঘণ্টা জেড+ শ্ৰেণীৰ নিৰাপত্তা আৱৰণ লাভ কৰিব।পিটিআইৰ এক প্ৰতিবেদন অনুসৰি বুধবাৰে পুৱা ৬৪ বছৰীয়া মুৰ্মুৰ নিৰাপত্তাৰ দায়িত্ব সশস্ত্ৰ দলটোৱে গ্ৰহণ কৰে।মুৰ্মুৱে তেওঁৰ ৰায়ৰংপুৰৰ বাসভৱনত সাংবাদিকক কয়,””মই আচৰিত হোৱাৰ লগতে আনন্দিত।

দূৰৱৰ্তী ময়ূৰভঞ্জ জিলাৰ এগৰাকী জনজাতীয় মহিলা হিচাপে, মই শীৰ্ষ পদৰ প্ৰাৰ্থী হোৱাৰ কথা ভবা নাছিলো।এন ডি এ চৰকাৰে এতিয়া শীৰ্ষ পদৰ বাবে এগৰাকী জনজাতীয় মহিলাবাছনি কৰি বিজেপিৰ “সব কা সাথ, সব কা বিশ্বাস” শ্লোগান প্ৰমাণ কৰিছে।”প্ৰণিধানযোগ্য যে,ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লে,দ্ৰৌপদী মুৰ্মু ভাৰতৰ প্ৰথম জনজাতীয় ৰাষ্ট্ৰপতি আৰু দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি হ’ব।ইয়াৰ উপৰিও,তেওঁ উৰিষ্যাৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতিও হ’ব।

Leave A Reply