Breaking

চেঞ্চুৰীৰ অভিলেখঃ ৰাজধানী দিল্লী–১৪ ৰাজ্যত ১০০ টকা অতিক্রম পেট্র’লৰ মূল্য

0 2,049

ইন্ধনৰ বিশেষকৈ পেট্র’ল–ডিজেলৰ আকাশলংঘী মূল্য অব্যাহত আছে৷ আজি ইতিহাসত প্রথমবাৰৰ বাবে দেশৰ ৰাজধানী দিল্লীত প্রতিলিটাৰ পেট্র’লৰ মূল্যই চেঞ্চুৰী কোবালে৷ ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহে ধাৰাবাহিকভাৱে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত ৰাখি আজি প্রতিলিটাৰ পেট্র’লত ৩৫ পইচা আৰু ডিজেলত ১৭ পইচা বৃদ্ধি কৰে৷ ইয়াৰ লগে লগে দেশৰ ৰাজধানী দিল্লীত পেট্র’লৰ মূল্য ১০০.২১ টকা হয়৷ তেনেদৰে প্রতিলিটাৰ ডিজেলৰ মূল্যও অভিলেখসংখ্যক ৮৯.৫৩ টকালৈ বৃদ্ধি পায়৷

পশ্চিমবংগৰ ৰাজধানী কলকাতাতো আজি প্রতিলিটাৰ পেট্র’লৰ মূল্য ১০০.২৩ টকালৈ বৃদ্ধি পাইছে৷ তেনেদৰে ডিজেলৰ মূল্য ৯২.৫০ টকালৈ বৃদ্ধি হৈছে৷ মহাৰাষ্ট্রৰ ৰাজধানী মায়ানগৰী মুম্বাইত প্রতিলিটাৰ পেট্র’লত ১০৬.২৫ টকা আৰু প্রতিলিটাৰ ডিজেলত ৯৭.০৯ টকা৷ তামিলনাডুৰ ৰাজধানী চেন্নাইত প্রতিলিটাৰ পেট্র’লৰ মূল্য ১০১.০৬ আৰু ডিজেলৰ মূল্য ৯৪.০৬ টকা৷ ৰাজধানী দিল্লীৰ উপৰি দেশৰ ১৪খন ৰাজ্যত প্রতিলিটাৰ পেট্র’লৰ মূল্য ১০০ টকা অতিক্রম কৰিছে৷ ঠিক তেনেদৰে তিনি কেন্দ্রীয়শাসিত অঞ্চলতো পেট্র’লৰ মূল্যই চেঞ্চুৰী কোবাইছে৷

দেশবাসীক মাধমাৰ শোধাই ইন্ধনৰ মূল্যবৃদ্ধি অব্যাহত ৰখাৰ বাবেই ৰাজস্থান, মধ্যপ্রদেশ, মহাৰাষ্ট্র, অন্ধ্রপ্রদেশ, তেলেংগানা, কর্ণাটক, ওড়িশা, বিহাৰ, তামিলনাডু, কেৰালা, পঞ্জাব, ছিকিম আৰু পশ্চিমবংগৰ কেইবাখনো চহৰত পেট্র’লৰ মূল্য ১০০ টকাৰ অধিক হৈছে৷ আনপিনে, কেন্দ্রীয়শাসিত অঞ্চল দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখতো পেট্র’লৰ মূল্যই ১০০ টকা অতিক্রম কৰিছে৷ আনপিনে অসমৰ ৰাজধানী গুৱাহাটীটো প্রতি লিটাৰ পেট্র’লৰ মূল্যই ৯৬.০৪ টকা অতিক্রম কৰিছে৷ লক্ষণীয় যে পেট্র’লৰ সমান্তৰালকৈ ডিজেলৰ মূল্য যিদৰে বৃদ্ধি হৈ আছে, তাৰ ভিত্তিত শীঘ্রেই প্রতিলিটাৰ ডিজেলৰ মূল্যও চেঞ্চুৰী কোবোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

Leave A Reply