Breaking

জামুগুৰিহাটত ৫ শতাধিক দিব্যাংগ লোকক প্ৰমাণপত্ৰ বিতৰণ বিধায়ক পদ্মৰ

0 2,041

আপোনালোকে কোনেও নিজকে কেতিয়াও শাৰীৰিকভাৱে অক্ষম বুলি নাভাবিব ৷ আপোনালোক শাৰিৰীকভাৱে সক্ষম বাবেই অন্য লোকসকলৰ দৰে চৰকাৰ আপোনালোকক লৈও যথেষ্ট আশাবাদী৷আপোনালোকেও জাতিটোৰ কাৰণে কৰিব লাগিব, সমাজৰ কাৰণে কৰিব লাগিব আৰু দেশৰ কাৰণে কৰিব লাগিব৷তাৰ কাৰণে ঈশ্বৰে আপোনালোকক শক্তি দিয়ক৷মই দৃঢ় বিশ্বাসী যে আপোনালোকো ঈপ্সিত লক্ষ্যত উপনীত হ’ব পাৰিবই৷এই মন্তব্য চতিয়া সমষ্টিৰ  বিধায়ক পদ্ম হাজৰিকাৰ ৷

জামুগুৰিহাটৰ বাপুজি ভৱনত বিশেষভাৱে সক্ষম লোকক অক্ষমতাৰ প্ৰমাণ পত্ৰ বিতৰণৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি উপস্থিত লোকসকলক উদ্দেশ্যি এইদৰে কয় বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে বিগত বৰ্ষৰ অক্টোৱৰ মাহত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত স্বাস্থ্য বিভাগ,সমাজ কল্যান বিভাগ,কন্যকা আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সহযোগত জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমষ্টিটোৰ বিশেষভাৱে সক্ষম লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰি তেঁওলোক যাতে প্ৰমাণপত্ৰৰ অভাৱত চৰকাৰী সা-সুবিধা লাভৰপৰা বঞ্চিত নহয় তাৰবাবে পদক্ষেপ গ্ৰহণ কৰিছিল ৷

সেইসকলৰ মাজৰেই ৫ শতাধিক লোকক বিধায়ক হাজৰিকাই অক্ষমতাৰ প্ৰমাণপত্ৰ বিতৰণ কৰে৷প্ৰমাণপত্ৰ লাভ কৰা প্ৰতিগৰাকী দিব্যাংগ লোকেই কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ আঁচনিসমুহৰ সকলো সুবিধাই লাভ কৰিব বুলি উল্লেখ কৰি বিধায়ক পদ্ম হাজৰিকাই দিব্যাংগ লোকসকল সমাজৰ একো একোজন সম্পদ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ’ব বুলিও আশা ব্যক্ত কৰে৷প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠানটোত নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা,মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল,পশ্চিম বৰভগীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মদন কৈৰালা,নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভাপতি অজিত পায়েং,সৰ্বশিক্ষা অভিযান মিচনৰ সমল ব্যক্তি অজিত নাথ,প্ৰফুল্ল নাথ আৰু হৰি দাহালকে ধৰি বহুসংখ্যক লোক উপস্থিত আছিল৷

Leave A Reply