Breaking

মাজবাট নগৰৰ ৰাজপথত দেখা গৈছে চক্ৰ বিষয়া,সহঃ আযুক্তই কভিড পৰীক্ষাত ব্যস্ত

0 1,244

১৩ জুলাইত  ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহ বাগিছা গাঁও সমূহত দেখা দিয়া ক’ভিড ১৯ ৰ বৰ্দ্ধিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি স্বয়ং ওদালগুৰি জিলাৰ  মাজবাট ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকা আৰু সহঃ আয়ুক্ত সুপ্ৰিয়া বাউলাৰীয়ে মাজবাট নগৰৰ মাজমাজিয়াত কৰোণা  সংক্ৰান্ত সজাগতা অনাৰ লগতে বাটৰুৱা সকলক কভিড পৰীক্ষা কৰাই থকা পৰিলক্ষিত হৈছে । ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটা টিমে মাজবাট টাউনত বাটৰুৱা সকলক ধৰি ,মাতি আনি ক’ভিড পৰীক্ষা চলোৱা স্বাস্থ্য কৰ্মী সকলৰ সতে ওদালগুৰি জিলা  সহঃ আয়ুক্ত আৰু মাজবাটৰ চক্ৰ বিষয়াই ৰাজপথত বজাৰ হাট কৰিবলৈ ওলাই অহা লোক সকলৰ মাজত ক’ভিড সংক্ৰান্তত সজাগতা অনাৰ প্ৰয়াস কৰাৰ লগতে বাটৰুৱা সকলক মাতি আনি কৰোণা টেষ্ট কৰাই থকা পৰিলক্ষিত হৈছে । প্ৰশাসনৰ লোকক এইদৰে সজাগতা অনাত ব্যস্ত হোৱা দেখি মাজবাটৰ সচেতন মহলেও শলাগিছে । মাজবাটৰ অন্যতম সক্ৰিয় বিজেপি যুৱ নেতা বৰ্তমান ওদালগুৰি জিলা কৰোণাৰ সংক্ৰান্তত জিলা বিজেপিৰ ফালৰ পৰা দায়িত্বত থকা যুৱ নেতা কিশোৰ শৰ্মাই কয় যে  মাজবাটৰ দৰে দৈনিক ক’ভিড সংক্ৰমণ  বৃদ্ধি পাই থকা সময়ত ওদালগুৰি জিলা প্ৰশাসনৰ ফালৰ পৰা লোৱা পদক্ষেপ প্ৰশংসনীয় হৈ পৰিছে ৷আনহাতে ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰুণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ১৩ জুলাইত   ওদালগুৰিত  ২৭ গৰাকী  কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত  এক এপ্ৰিলৰ পৰা ১৩জুলাইলৈ  আক্ৰান্তৰ সংখ্যা ৪১১৫ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে  ১৩জুলাইত  ১৭৩৩গৰাকীক পৰীক্ষা কৰাৰ পিছত  ২৭গৰাকীৰ দেহত  কৰোনা ধৰা পৰে।জিলা খনৰ মুঠ ৪১১৫ কভিড আক্ৰান্তৰ  ভিতৰৰ ৩৮১৪ জনক কভিড মুক্ত ঘোষনা কৰাৰ লগতে  ওদালগুৰিৰ বিভিন্ন  চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ৫৬২ গৰাকীৰ   ২২০ আইচিলেচনত, ২৩৬  সক্ৰিয় ৰোগী  চিকিৎসাধীন হৈ আছে।ইপিনে- শেহতীয়া তথ্য অনুসৰি মাৰ্চ’২১ৰ পৰা  ১৩ জুলাই লৈকে মৃত্যু হোৱা লোকৰ সংখ্যা  ৬৫ গৰাকীলৈ বৃদ্ধি পালে।ইপিনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত   ১৪৪৮৪০গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগৰ লগতে ওদালগুৰি জিলাৰ সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে  ৷আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত  ৪৭১ গৰাকীক ৰেট পৰীক্ষাত ১১ গৰাকী  কভিড চিনাক্ত কৰা হৈছে ৷

Leave A Reply