Breaking

কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ বিহাৰৰ চন্দন কুমাৰ, ১৮ মাহ পূৰ্বে কৰাইছিল বিয়া

0 57

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সেনাৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত সংঘৰ্ষত পাঁচজন সেনা জোৱান নিহত হৈছে৷ নিহতসকলৰ ভিতৰত বিহাৰৰ ২৬ বছৰীয়া চন্দন কুমাৰো আছে৷ চন্দনে ১৮ মাহ পূৰ্বে বিয়া কৰাইছিল৷ বিহাৰৰ ৱাৰচালিগঞ্জৰ নাৰো মুৰাৰ গাঁৱৰ বাসিন্দা মৌলেশ্বৰ সিং আৰু জয়ন্তী দেৱীৰ পুত্ৰ আছিল চন্দন। সন্ত্ৰাসবাদীৰ সৈতে যুঁজি থাকোতে তেওঁ শ্বহীদ হয়।


চন্দনৰ মৃত্যুৰ খবৰ শুনি গোটেই গাওঁখনত এক শোকৰ পৰিবেশে বিৰাজ কৰিছে৷চন্দনৰ জ্যেষ্ঠ ভাতৃ পীযুষ কুমাৰে কয় – বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত, এটা ফোন আহিছিল যে চন্দন সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছে। এই খবৰটো শুনি আমি হতবাক হৈ পৰিছিলো।’’

উল্লেখ্য কালিয়েই কাশ্মীৰত নিহত সৈনিকৰ সংখ্যা পাঁচ জনলৈ বৃদ্ধি পাইছিল। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰী জিলাৰ সীমান্তত সেনাৰ কনভয়ত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত আন এজন সৈনিক নিহত হৈছিল।

ইয়াৰ ফলত মৃত্যুৰ সংখ্যা পাঁচলৈ বৃদ্ধি পায়। বৃহস্পতিবাৰে আবেলি প্ৰায় ৪.৪৫ বজাত ৰাজৌৰীৰ ডেৰা কি গালি অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে সেনাৰ এখন জীপ আৰু ৪৮ ৰাষ্ট্ৰীয় ৰাইফলছৰ এখন ট্ৰাকত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে সন্ত্ৰাসবাদীয়ে স্বয়ংক্ৰিয় ৰাইফল আৰু গ্ৰেনেড লঞ্চাৰ ব্যৱহাৰ কৰিছিল।

Leave A Reply