Breaking

প্ৰকৃতিৰ সৈতে চাওঁতাল সকলৰ আছে অনন্য সম্পর্ক : হুল দিৱসত সাংস্কৃতিক মন্ত্রী বিমল বড়া

0 59

“প্ৰকৃতিৰ সৈতে চাওঁতাল সকলৰ আছে এক অনন্য সম্পর্ক, এই কথা তেওঁলোকৰ অংগ বস্ত্ৰৰ ৰং, নৃত্যত ব্যবহাৰ কৰা সামগ্রী আদিত পৰিস্ফূত ” মহানগৰীৰ পাঞ্জাবাৰী স্হিত শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অসম চাওঁতাল ছাত্র সন্হাৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত ১৬৮ সংখ্যক হুল দিৱসৰ মুকলি সভাত মুখ্যঅতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ সাংস্কৃতিক , উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি এইদৰে কয়। ১৮৫৫চনৰ ৩০ জুনত এতিয়াৰ ঝাৰখণ্ডৰ ছাহিবগঞ্জৰ ভোগনাদিহ গাৱঁত হুল বিদ্ৰোহ বা চাওঁতাল বিদ্ৰোহৰ নেতৃত্ব দিয়া সিদ্ধো আৰু কানহু নামৰ বীৰ দুগৰাকীৰ দেশ প্ৰেম, জাতি প্ৰেম আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰে উদ্বুদ্ধ হৈ আমি যাতে আগবাঢ়ি যাব পাৰো তাৰ বাবেই এই হুল দিৱসৰ আয়োজন কৰা হৈছে বুলিও মন্ত্রী বড়াই মন্তব্য কৰে।


মহাত্মা গান্ধীৰ নেতৃত্বত সংগঠিত ভাবে ব্ৰিটিছ বিৰোধী অহিংস সংগ্ৰাম আৰম্ভ হোৱাৰ বহু বছৰ পূৰ্বে সিদ্ধো আৰু কানহুৰ নেতৃত্বত পৰম্পৰাগত অস্ত্রেৰেই ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি মন্ত্রী বড়াই প্ৰথমে মহাজন সকলৰ বিৰুদ্ধে আৰম্ভ কৰা সংগ্ৰামখন পাছলৈ ব্ৰিটিছ বিৰোধী সংগ্রামৰ ৰূপ লয় বুলিও তেওঁ কয়।
উল্লেখ্য যে ১৮৫৫-৫৬ চনত সংঘটিত এই সংগ্ৰামখনত ব্ৰিটিছৰ হাতত প্ৰাণ দিয়া প্ৰায় ২০ হাজাৰ চাওঁতাল লোকৰ স্মৰণ আয়োজিত হুল দিৱসৰ মুকলি সভা উদ্বোধন কৰে অসম বিধান সভাৰ পূর্বৰ অধ্যক্ষ পৃথ্বী মাঝিয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভালে সংখ্যক চাওঁতাল জনগোষ্ঠীয় লোকৰ উপস্থিতিত অসম চাওঁতাল ছাত্র সন্হাৰ সভাপতি মিন্টু হেমৰমৰ সভাপতিত্বত অনুষ্ঠিত হুল দিৱসৰ মুকলি সভাত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ উপদেষ্টা ৰাণাপ্ৰতাপ বৰুৱা, সদৌ অসম সাংবাদিক সংস্থাৰ সভাপতি পংকজ কুমাৰ নাথকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

এই সভাতে গুৱাহাটীত চাওঁতাল জনগোষ্ঠীৰ বাবে সিদ্ধো-কানহু ভৱন নিৰ্মাণকে ধৰি কেবাটাও দাবি সম্বলিত অসম চৰকাৰলৈ বুলি এখন স্মাৰক পত্ৰও চাওঁতাল ছাত্র সন্হাৰ সম্পাদক দিপাংকৰ হেমৰমে মন্ত্রী বিমল বড়াৰ হাতত অৰ্পণ কৰে।

Leave A Reply