Breaking

ক’ভিডত স্বামীহাৰা হোৱা ওদালগুৰিৰ ৭ বিধৱালৈ চেক বিতৰণ

0 1,029

ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে  ১৮ জুলাইত  ওদালগুৰিত উপস্থিত হৈ ক’ভিড’১৯ত মৃত্যু হোৱা ওদালগুৰি জিলাৰ ৭গৰাকী স্বামীহাৰাৰ পত্নীৰ মাজত  চেক বিতৰণ কৰে। স্থানীয় ওদালগুৰি কলেজৰ অডিট’ৰিয়াম হলত ওদালগুৰি জিলাৰ উপায়ুক্তৰ সভাপতিত্বত ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে প্ৰতি গৰাকী পত্নীক মুখ্যমন্ত্ৰীৰ সাহাৰ্য নিধিৰ জৰিয়তে ২লাখ ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কোভিডত স্বামীক হেৰুৱা দুৰ্ভগীয়া সকলক তেওঁ গভীৰ সমবেদনা জনায়।ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত সহায়ক আয়ুক্ত নীলাক্ষি বৈশ্যই আঁত ধৰা উক্ত চেক বিতৰণ অনুষ্ঠানত  বিটিআৰৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ বসুমতাৰী,মাজবাটৰ বিধায়ক চৰণ বড়োয়েও হিতাধিকাৰী মহিলাসকলক চেক বিতৰণ কৰে।উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত আছিল।এই সাহাৰ্য লাভ কৰা সকলৰ ভিতৰত আছে ওদালগুৰি জিলাৰ  খৈৰাবাৰীৰ বিমালেন্দু দত্তৰ পত্নী বৰ্নালী দত্ত,মাজবাট ষ্টেচন ব্লকৰ উমা শংকৰ হৰিজনৰ পত্নী কুচমাবাতি ৰবিদাস,ৰৌতা চাৰিআলিৰ অমলেন্দু চক্ৰৱৰ্তীৰ পত্নী ৰত্না চক্ৰৱৰ্তী,নবীনপল্লীৰ অজিৎ চৰকাৰৰ পত্নী ৰুমা চৰকাৰ,খাংখালাবাৰীৰ মনোজ ৰাইৰ পত্নী গঙ্গা ৰাই,বান্দৰগুৰিৰ যমুনা বিশ্বকৰ্মাৰ পত্নী কমলা দেৱী আৰু বৰঙাজুলি খুটিৰ দীপক থপলীয়াৰ পত্নী ইন্দিৰা দেৱী।

Leave A Reply