চিচিবৰগাঁও ৫ মে’,২০২৫ঃ Chichibargaon । চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত কালি এখনি বিদায় সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় । বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্র-ছাত্রী সকলক বিদায় জনোৱাৰ উদ্দেশ্য অনুষ্ঠিত এই বিদায় সম্বর্ধনা অনুষ্ঠানত সভাপতিত্ব আগবঢ়ায় মুৰব্বী অধ্যাপক উত্তম কুমাৰ চুতীয়াই । অধ্যাপিকা বৰ্ণালী চুতীয়াই আঁত ধৰা এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় অতিথি অধ্যাপক সমুজ্জ্বল শইকীয়াই ।

সভাত উপস্থিত থাকি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰীক্ষণ কোষৰ সম্বন্বয়ক জগন্নাথ চুতীয়াৰ লগতে ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক হেমন্ত ভূঞায়ে ছাত্ৰ ছাত্ৰী সকলক বিভিন্ন গঠনমূলক পৰামৰ্শৰে বক্তব্য প্ৰদান কৰে । আনহাতে অসমীয়া বিভাগৰ ছাত্ৰী পৰিস্মিতা ভূঞাৰ নৃত্য আৰু হেমাজ্যোতি চুতীয়াৰ লগতে আন বহু কেইজন ছাত্ৰ ছাত্ৰীয়ে গীত -মাত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলাৰ লগতে বিদায়ী অগ্ৰজসকলক কেন্দ্ৰ কৰি বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতেই বিদায়ী ছাত্ৰ -ছাত্ৰীসকলক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে বিভাগীয় শিক্ষক – শিক্ষয়িত্ৰী সকলে ।

এই সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে সমুজ্জ্বল শ ইকীয়ায়ে । ইয়াৰ পিছতেই অধ্যাপিকা অৰুনিমা ভূঞায়েও আগন্তুক স্নাতক চূড়ান্ত পৰীক্ষাকেন্দ্ৰিক শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । ইফালে বিদায়ী ছাত্ৰ -ছাত্ৰীসকলকেও বিভাগৰ শিক্ষাগুৰুসকলক একোখনিকৈ ফুলাম গামোছা পিন্ধাই সমজুৱাকৈ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে বিভাগৰ আন এজন সহকাৰী অধ্যাপক নয়নমনি মহন্ত দূৰ্ঘটনাজনিত কাৰণ ঘৰত থাকিব লগা হোৱাত ঘৰলৈ গৈ সাক্ষাৎ কৰি আশীৰ্বাদ লোৱাৰ লগতে আশু আৰোগ্য কামনা কৰে।