Breaking

আগন্তুক ২০২৬ চনলৈ অসম হকী সন্থাৰ সভাপতি পদত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , কাৰ্যকৰী সভাপতি পদত অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতার্থ গোস্বামীক মনোনীত

0 63

বেলতলাস্থিত হোটেল ট’কিঅ’ টাৱাৰত অনুষ্ঠিত হোৱা অসম হকী সন্থাৰ সাধাৰণ সভাতআগন্তুক ২০২৬ চনলৈ অসম হকী সন্থাৰ সভাপতি পদত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , কাৰ্যকৰী সভাপতি পদত অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতার্থ গোস্বামীক সৰ্বসন্মতিক্ৰমে মনোনীত কৰা হয়। অসমৰ প্ৰায় ২৮ খন জিলাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে কোষাধ্যক্ষ সহ প্রায় ৯০ জন প্রতিনিধি উপস্থিত থাকে। অসমৰ হকী সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ অনুপস্থিতিত সভাত সভাপতিত্ব কৰে অসম হকী সন্থাৰ জ্যেষ্ঠ উপ- সভাপতি তথা প্রাক্তন হকী খেলুৱৈ মোহন বৰাই। পর্যবেক্ষক হিচাপে সভাত উপস্থিত থাকে ভাৰতীয় হকী সন্থাৰ পৰ্যবেক্ষক ভূপেন্দ্ৰ সিং। সভাৰ কাৰ্যসূচী অনুসৰি প্ৰতিবেদন ও উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক তথা প্রাক্তন হকী খেলুৱৈ তপন দাসে । বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলে হকী খেল ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত বক্তব্য আগবঢ়ায়।

অসমৰ বিভিন্ন স্থানত হকীৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও বিশেষকৈ জোনাই, চিলাপথাৰ, ধেমাজি, মাজুলী, লক্ষীমপুৰ, বিহপুৰীয়া, বিশ্বনাথ, বাক্সা, চিৰাং, ওডালগুৰি, তামুলপুৰ, ডিমা হাচাও, হাওৰাঘাট, বকো, দুধনৈ, সোনাপুৰ, চৰাইদেউ, শিৱসাগৰ, শদিয়া আদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ দ্বাৰাই প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সভাত প্ৰস্তাৱ গৃহীত কৰা হয়। ইতিমধ্যে চিলাপথাৰৰ ৩০০, চিৰাং ২৭০ জন, বাক্সাৰ ২৫০ জন, ওডালগুৰি ১২০ জন, চৰাইদেউ ২০০ জন আৰু শিৱসাগৰৰ ৫০ জনক প্ৰশিক্ষণ দি থকা হৈছে । সভাত লক্ষীমপুৰ, বিশ্বনাথ, গুৱাহাটী, নাহৰকটীয়া, চৰাইদেউ আৰু ধেমাজিত ল’ৰা আৰু ছোৱালীৰ চাব জুনিয়ৰ, জুনিয়ৰ, চিনিয়ৰ টুর্ণামেন্ট ২০২৩ বৰ্ষৰ বাবে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গৃহীত কৰা হয় ৷ সভাত অসম হকী সন্থা মুখ্য পৃষ্ঠপোষক হিচাপে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা প্রাক্তন অসম হকী সন্থাৰ সভাপতি ড° হিমন্ত বিশ্ব শৰ্মাক আগন্তুক ২০২৬ চনলৈ সৰ্বসম্মতিক্রমে মনোনীত কৰা হয়।

লগতে অসম হকী সন্থাৰ অন্যতম উপ-সভাপতি তথা অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতার্থ গোস্বামীক আজিৰ সভাই সৰ্বসন্মতিক্রমে কাৰ্যকৰী সভাপতি হিচাপে মনোনীত কৰে। কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত অসম হকী সন্থাৰ সাধাৰণ সম্পাদক তপন দাসে জানিবলৈ দিয়ে।

Leave A Reply