Breaking

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌‌ই জনতা ভৱনত “লাচিত বৰফুকন এপ আৰু শীৰ্ষক এটা প’ৰ্টেল ” মুকলি কৰে…

0 62

আই অসমীৰ সৰ্বকালৰ অন্যতম মহান পুত্ৰ মহাবীৰ লাচিত বৰফুকনৰ আগন্তুক ৪০০সংখ্যক জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌‌ই lachitbarphukan.assam.gov.in শীৰ্ষক এটা প’ৰ্টেল আৰু Lachit Barphukan নামেৰে এটা এপ মুকলি কৰি নথৈ আনন্দিত হয়।

এই প’ৰ্টেল আৰু এপৰ যোগেদি অসমৰ জনতা আৰু দেশে-বিদেশৰ বিভিন্ন ভাষা-ভাষীৰ লোকে মহান বীৰগৰাকীক স্মৰণেৰে নিজৰ মনৰ ভাব ব্যক্ত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব।


এই এপ আৰু প’ৰ্টেলে লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু মাতৃভূমিৰ প্ৰতি থকা আনুগত্যৰ বিষয়ে নিজৰ মতামত প্ৰকাশৰ বাবে ৰাইজক এখন মঞ্চ প্ৰদান কৰিব।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰতিগৰাকী বাসিন্দা আৰু অসমৰ বাহিৰত বাস কৰা প্ৰতিগৰাকী অসমীয়ালৈ আহ্বান জনাই যে যাতে বীৰগৰাকীৰ ৪০০সংখ্যক জয়ন্তী উদযাপনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ইয়াক এক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাত আগভাগ লয়।


এই উপলক্ষত কেবিনেট সতীৰ্থ ডাঃ ৰণোজ পেগু, শ্ৰীচন্দ্ৰমোহন পাটোৱাৰী, শ্ৰীপীযুষ হাজৰীকা, শ্ৰীজয়ন্ত মল্লবৰুৱা, শ্ৰীঅতুল বৰা, শ্ৰীনন্দিতা গাৰ্লোছা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীতুলিৰাম ৰংহাং আৰু অসম চৰকাৰৰৰ মুখ্য সচিব শ্ৰীপৱন কুমাৰ বৰঠাকুৰৰ লগতে চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

Leave A Reply