Breaking

বিশ্ব বেংকৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

0 78

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত বিশ্ব বেংকৰ দক্ষিণ এছিয়াৰ ক্ষেত্ৰীয় উপাধ্যক্ষ মাৰ্টিন ৰেইজাৰ আৰু বিশ্ব বেংক, ভাৰতৰ সঞ্চালক অগষ্ট টানো কোৱামেৰ সৈতে এক সফল বৈঠক অনুষ্ঠিত হয়৷

উক্ত বৈঠকত বিশ্ব বেংকৰ বিত্তীয় সাহায্যৰে ৰূপায়ণ হৈ থকা বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ (ইএপি) লগতে প্ৰস্তাৱিত ইএপিসমূহৰ বিষয়ে আলোচনা কৰা হয়৷ আলোচনাকালত দুয়োপক্ষই প্ৰকল্পসমূহৰ বাকী ৰৈ যোৱা কামসমূহ দ্ৰুত গতিত সম্পূৰ্ণ কৰাৰ লগতে ভৱিষ্যতে ৰূপায়ণ কৰিবলগীয়া প্ৰকল্পসমূহ আৰম্ভ কৰিবলৈ শীঘ্ৰে অনুমোদন প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে৷

অসমৰ উন্নয়নৰ সম্ভাৱনাপূৰ্ণ যাত্ৰাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা আন্তৰিক সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ব বেংকৰ প্ৰশংসা কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজহুৱা ক্ৰয় ব্যৱস্থাটোলৈ স্বচ্ছতা অনাৰ লগতে জনসাধাৰণে যাতে এটা স্থানৰ পৰাই ক্ৰয় সম্বন্ধীয় সকলো তথ্য লাভ কৰিব পাৰে, তাৰ বাবে এই প’ৰ্টেলটো আৰম্ভ কৰা হৈছে৷ বৈঠকখনত কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া পৱন বৰঠাকুৰ আৰু ৰবিশংকৰ প্ৰসাদো উপস্থিত আছিল৷

Leave A Reply