Breaking

ডিব্ৰুগড় জিলাৰ চৌকিডিংগী খেলপথাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ

0 20

যোগ হৈছে ভাৰতীয় প্ৰাচীনতম সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ৷ আজি ডিব্ৰুগড় জিলাৰ চৌকিডিংগী খেলপথাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

যোগ হ’ল শৰীৰ আৰু আত্মাৰ মিলন সাধনেৰে প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষ লাভ কৰা এক সবল প্ৰক্ৰিয়া৷ যোগে প্ৰাণৰ সঞ্চাৰ কৰে, মন আৰু শৰীৰ সন্তুলিত কৰি সকলোকে আধ্যাত্মিকভাৱে সবল কৰি সকলো দিশতে ইতিবাচক দৃষ্টিভংগীৰ উন্মেষ ঘটায়৷ নতুন প্ৰজন্মক সুস্থভাৱে গঢ় দিব নোৱাৰিলে এখন শক্তিশালী ৰাষ্ট্ৰ আৰু এখন শক্তিশালী ৰাজ্য গঠন কৰিব নোৱাৰি৷

ইয়াৰ বাবে যুৱপ্ৰজন্মৰ মানসিক আৰু শাৰীৰিক বিকাশ সাধন কৰিব লাগিব৷ তেতিয়াহে উন্নয়ন প্ৰক্ৰিয়াটো অধিক ত্বৰান্বিত হ’ব৷ সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যি যুঁজ দি আছে সেই যুঁজত চামিল হৈ এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানৰ সন্মুখত নিয়মিতভাৱে যোগৰ অনুশীলনৰ অভ্যাস গঢ়ি তোলাৰ আদৰ্শ স্থাপন কৰিব লাগিব৷

আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত থাকে সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত, বিমল বড়া, বিধায়কসকল প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, তৰংগ গগৈ, পোনাকণ বৰুৱাৰ লগতে বহু গণ্য-মান্য ব্যক্তি , আই-মাতৃ, যুৱক-যুৱতী, বন্ধু-বান্ধৱ আৰু স্থানীয় ৰাইজ ।

Leave A Reply