Breaking

মেধিকুছিত পহুমাৰা বানে সৃষ্টি কৰা ব্যাপক ক্ষয়-ক্ষতি বুজ লয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

0 1,230

ভৱানীপুৰ সমষ্টিৰ মেধিকুছিত পহুমাৰা নৈৰ বানে সৃষ্টি কৰা ব্যাপক ক্ষয়-ক্ষতি বুজ লয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটোৰ বহু ঠাই এতিয়াও প্লাৱিত হৈ আছে৷আজি সেই ঠাইসমূহ ঘূৰি জনসাধাৰণৰ সৈতে বাৰ্তালাপ কৰে  বুজ লয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰাজিৰ বুজ ল’য় ৷

অঞ্চলটোৰ ৪২৫ নম্বৰ মেধিকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত থকা আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰি তেওঁলোকে প্ৰশাসনৰ পৰা লাভ কৰা সা-সুবিধাৰ চাক্ষুষ বুজ লয় বুজ লয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ বানত ক্ষতিগ্ৰস্ত বা ধ্বংসপ্ৰাপ্ত হোৱা ঘৰসমূহৰ পুনৰ্নিৰ্মাণৰ বাবে চৰকাৰে যাৱতীয় সহায় আগবঢ়াব৷ পহুমাৰা নৈৰ মথাউৰিটো শক্তিশালী কৰি তাৰ ওপৰত পথ নিৰ্মাণৰ বাবে ইতিমধ্যে ৯ কোটি টকা অনুমোদিত হৈ আছে৷ বানৰ প্ৰকোপ কমাৰ পাছতে মথাউৰিটো পুনৰ্নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব৷

বুলি কয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।পৰিদৰ্শনকালত সতীৰ্থ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, ভৱানীপুৰ সমষ্টিৰ  বিধায়ক ফণী তালুকদাৰ আৰু জিলা উপায়ুক্ত   কাবেৰী বৰকাকতি শৰ্মা উপস্থিত থাকে৷

Leave A Reply