Breaking

লাভলীনাক অসম আৰক্ষীৰ ডি এছ পি পদ প্ৰদান মুখ্যমন্ত্ৰীৰ

0 86

টকিঅ’ অলিম্পিকত পদক লাভেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডি এছ পি চাকৰিত যোগদান কৰিবলৈ নিমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ।

গুৱাহাটীৰ এটা পথ লাভলীনা বৰগোহাঁইৰ নামেৰে নামকৰণ কৰা হ’ব।

এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লাভলীনাৰ নামত সৰুপথাৰত ষ্টেডিয়াম নিৰ্মাণ কৰিব চৰকাৰে।

লাভলীনা বৰগোহাঁইৰ চাৰিগৰাকী প্ৰশিক্ষকক ১০ লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে।

পেৰিছ অলিম্পিকলৈ প্ৰস্তুতি চলাবলৈ প্ৰতিমাহে লাভলীনালৈ চৰকাৰে আগবঢ়াব ১ লাখ টকাৰ বিশেষ জলপানী।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বৰগোহাঁইৰ হাতত প্ৰদান কৰিলে এই ১ কোটি টকাৰ চেক।

Leave A Reply