Breaking

টংলা পিএইচই সংণ্ডলৰ অধিনত বৰলা গ্ৰাম্য বৃহত্তৰ বহুমুখী পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

0 62

টংলা পিএইচই(PHE) সংণ্ডলৰ অধিনত বৰলা গ্ৰাম্য বৃহত্তৰ বহুমুখী পানী যোগান আঁচনি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰে। ওদালগুৰি জিলাৰ ওদালগুৰি বিধান সভা সমষ্টি অন্তৰ্গত বৰমুকলিত টংলা জনস্বাস্থ্য কাৰিকৰি পিএইচই(PHE) সংণ্ডলৰ অধিনত বৰলা গ্ৰাম্য বৃহত্তৰ বহুমুখী পানী যোগান আঁচনি খন অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আজি শুভ উদ্বোধন কৰে।

উদ্বোধনী ভাষণ তেওঁ কয়, বৰলা গ্ৰাম্য বৃহত্তৰ পানী যোগান আঁচনি খন বিশেষ ভাবে সফল আঁচনি । এই আঁচনি ভূটানৰ পৰা নামি অহা ননৈ নদীৰ পৰা মাধ্যাকৰ্ষণ শক্তিৰ সহায়ত বোৱাই আনি বৰলা উক্ত স্থানত সংশোধন কৰি বিশুদ্ধ খোৱা বৃহত্তৰ অঞ্চলৰ ২৭০০ লোকক যোগান ধৰাৰ ব্যবস্হা কৰা হৈছে। অনাগত দিনত ওদালগুৰি ভাৰত-ভুটানৰ সীমন্ত বৰ্তী দাতিকাষৰীয়া অঞ্চলত থকা খোৱা পানীৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ সৈতে একে লগে কাম কৰাৰ লক্ষ্য লোৱা বুলি ভাষণ প্ৰসঙ্গ কয়। লগতে উক্ত আঁচনি খন খন সফল ৰূপায়ন কৰাত বিভাগীয় বিষয়া সকলক আৰু নিৰ্মাণকৰ্তা অজয় ডেকাক ধন্যবাদ জ্ঞাপন কৰে। উক্ত উদ্বোধন অনুস্থানত বিধান সভা অধ্যক্ষ তথা পানেৰী সমষ্টি বিধায়ক বিশ্বজীত দৈমাৰী, ওদালগুৰিৰ বিধায়ক তথা বিটিআৰ ৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী য়ে ভাষণ দিয়ে। বিধায়ক বসুমতাৰী মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক বৰলা গ্যাম বৃহত্তৰ পানী যোগান আঁচনি শুভ উদ্বোধন কৰি অঞ্চল লোক সকলক খোৱা পানী সমস্যা সমাধান উপকৃত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে, লগতে তেওঁ ভৈৰবকুন্ডৰ ধনশ্ৰী নদীত এনকোৱা এখন আঁচনি ৰূপায়ন কৰি বৃহত্তৰ ওদালগুৰি অঞ্চলৰ লোক সকলক উপকৃত কৰিবলৈ মুখ্যমন্ত্ৰী আহ্বান জনায়।

আনহাতে উক্ত অনুস্থানত উপস্থিত থকা মঙ্গলদৈ সাংসদ তথা বিজেপি দলৰ সম্পাদক দিলীপ শইকীয়াই সাংবাদিকৰ সন্মুখত বৰমুকলিৰ বৰলা গ্ৰাম বৃহত্তৰ পানী যোগান আঁচনি খনে অঞ্চল লোক সকলৰ খোৱা পানীৰ সমস্যা সমাধান কৰাত যথেষ্ট সহায় কৰিব বুলি মন্তব্য কৰে। জনস্বাস্থ্য কাৰিকৰি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চাহ জনজাতি কল্যাণ পৰিষদৰ মন্ত্ৰী সন্জয় কিষাণ, বিটিআৰ ৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, ওদালগুৰি বহু বিষয়-ববিয়া লগতে অঞ্চলৰ বহু ৰাইজ উপস্থিত থাকে। উপস্থিত লোক সকলে আঁচনি খনৰ পৰা খোৱা পানীৰ সমস্যাৰ ক্ষেত্ৰৰ সুফল আশা কৰি সন্তোশ প্ৰকাশ কৰে।

পানেৰীৰ পৰা বিপুল হাজৰিকাৰ প্ৰতিবেদন

Leave A Reply