Breaking

APSC কেলেংকাৰীৰ অভিযুক্তৰ প্ৰতি নমনীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা: জিতুল ডেকা…

0 44

দুৰ্নীতি দেখিলেই বাঘৰ দৰে জঁপিয়াই পৰিব বুলি সকীয়নি দিয়া মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এতিয়া APSC ত ৰাকেশ পালক ধন দি দুৰ্নীতিৰে চাকৰি লোৱা বিষয়াৰ বিৰুদ্ধে বাঘৰ দৰে জঁপিয়াই পৰা নাই। APSC ৰ কেলেংকাৰী সন্দৰ্ভত আজি আপৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত এইদৰে মন্তব্য কৰি ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে – APSC ত দুৰ্নীতি, কেলেংকাৰীৰে নিযুক্তি লাভ কৰা ৩৯ গৰাকী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত জেললৈ প্ৰেৰণ কৰিছিল ।

তাৰ পৰবৰ্তী সময়ত হিমন্তবিশ্ব শৰ্মা চৰকাৰে এই সন্দৰ্ভত তদন্ত কৰি প্ৰতিবেদন দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সন্মানীয় বি কে শৰ্মাৰ দ্বাৰা এখন আয়োগ গঠন কৰি দিছিল। গুৰুত্বপূৰ্ন কথা যে এই আয়োগে APSC ৰ পৰীক্ষা ব্যৱস্থা, নথি -পত্ৰ, সাক্ষী, ফৰেনচিকৰ প্ৰতিবেদন, ন্যায়ালয়ত এই সন্দৰ্ভত চলি থকা গোচৰ আদি সকলো দিশৰ পৰা পুংখানুপুংখ ভাবে তদন্ত কৰি প্ৰথম পৰ্যায়ত ২০১৩ বৰ্ষৰ APSC পৰীক্ষাত সংঘটিত দুৰ্নীতি আৰু ৰাকেশ পালক টকা দি চাকৰি লোৱা প্ৰাৰ্থী সকলৰ নাম উল্লেখ কৰি ২০২২ চনৰ ২ এপ্ৰিলত চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল। আচৰ্যজনক বিষয় যে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা চৰকাৰে প্ৰতিবেদন দাখিল কৰাৰ ডেৰ বছৰ উকলি যোৱাৰ পিছতো আজিলৈ দুৰ্নীতিৰে চাকৰি লোৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস নকৰিলে। ২০১৩ চনৰ APSC পৰীক্ষাৰ এই প্ৰতিবেদন দিয়াৰ পিছত কোৱা হল যে ২০১৪ চনৰ পৰীক্ষাৰ সন্দৰ্ভত আয়োগৰ তদন্তৰ প্ৰতিবেদন লাভ কৰিলে একেলগে ব্যৱস্থা গ্ৰহণ কৰা হব। সন্মানীয় বি কে শৰ্মা আয়োগে যোৱা ২ নৱেম্বৰত দ্বিতীয় প্ৰতিবেদনখনো চৰকাৰক দাখিল কৰিলে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত যি বক্তব্য ৰাখিলে ইয়াৰ দ্বাৰা ৰাইজক হতবাক কৰি তুলিলে। কাৰণ মুখ্যমন্ত্ৰীয়ে কলে যে প্ৰতিবেদন খনত কি আছে তেওঁ দেখা নাই। ইয়াৰ দ্বাৰা APSC ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ তেওঁৰ কিমান আগ্ৰহ সেই কথা ৰাইজে বুজি পাইছে। সংবাদ মেলত জিতুল ডেকাই কয় যে – মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত কোৱা অনুসৰি প্ৰতিবেদনৰ পৰামৰ্শ মতে উক্ত বৰ্ষৰ চাকৰি প্ৰাপ্ত সকলোকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ পৰিয়াল আছে। আয়োগৰ পৰামৰ্শ মতে সকলোকে চাকৰিৰ পৰা বৰ্খাস্ত নকৰে ঠিক আছে কিন্তু যি সকলৰ নাম উল্লেখ আছে তেওঁলোকৰ বিৰুদ্ধে ডেৰ বছৰ উকলি যোৱাৰ পিছতো কিয় ব্যৱস্থা গ্ৰহন কৰা নাই? এই প্ৰতিবেদনত উল্লেখিত ৰাকেশ পালক টকা দি চাকৰি লাভ কৰা বিষয়াক চৰকাৰে পদোন্নতি দিছে , NIA ৰ দৰে গুৰুত্ব পূৰ্ণ বিভাগত যোগদান কৰিছে । এই প্ৰতিবেদনত উল্লেখ কৰা APS বিষয়াই ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অথচ মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই।

মানৱীয়তাৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে। ২০১৩ বৰ্ষৰ APSC পৰীক্ষাৰ ৪২ হাজাৰ প্ৰাথী এই কেলেংকাৰী, দুৰ্নীতিৰ বাবে প্ৰতাৰিত হৈছে। মানৱীয়তা যদি দেখুৱাব লাগে দুৰ্নীতিৰে চাকৰি লোৱা সকলক গ্ৰেপ্তাৰ কৰি ৪২ হাজাৰ প্ৰাৰ্থীৰ প্ৰতি মানৱীয়তা দেখুৱাওক । মুখ্যমন্ত্ৰীৰ এই মানৱীয়তা তেতিয়া কত গৈছিল, যেতিয়া তেওঁৰ নিৰ্দেশত নাৰায়ণ ডেকা আৰু মন্ত্ৰী অশোক সিংহলে শিলসাঁকোৰ খিলঞ্জীয়া পৰিয়ালৰ ঘৰ উচ্ছেদ কৰিছিল। মুখ্যমন্ত্ৰীয়ে কৈছে পৰিয়াল থকাৰ বাবে APSC ৰ দুৰ্নীতিকাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে । আপ ,অসমে তেওঁক প্ৰশ্ন কৰিব বিছাৰিছো পৰিয়াল থকাৰ কাৰণেই আজিলৈ বিজেপিৰ কাৰ্যালয়ৰ পৰা চলা চাকৰি কেলেংকাৰী , ইন্দ্ৰানী তহবিলদাৰ আত্মহত্যাৰ ঘটনাত অভিযুক্ত অভিমুণ্য দাসক গ্ৰেপ্তাৰ কৰা নাই নেকি? পৰিয়াল থকাৰ বাবেই ভুৱা কল চেণ্টাৰৰ কেলেংকাৰীত অভিযুক্ত তচদিকুৰ নামৰ ব্যক্তি গৰাকীক গ্ৰেপ্তাৰ কৰা নাই নেকি? আচৰিত কথা যে একেই বিজেপিৰ চৰকাৰ। একেই APSC ৰ দুৰ্নীতি। পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত ৩৯ জন গ্ৰেপ্তাৰ হৈ বছৰ বছৰ জেল খালে, চাকৰিৰ পৰা বৰ্খাস্ত হল । অথচ হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ দিনত ৩৪ জনৰ নাম সন্মানীয় বি কে শৰ্মা আয়োগে প্ৰতিবেদন দিয়াৰ পিছতো গ্ৰেপ্তাৰ কৰাৰ সাহস কৰিব পৰা নাই। মুঠৰ ওপৰত APSC কেলেংকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নমনীয় স্থিতি অসমৰ ৰাইজে বাৰুকৈয়ে প্ৰত্যক্ষ কৰিছে আৰু দুৰ্নীতিক লৈ মুখ্যমন্ত্ৰীৰ দুতলীয়া স্থিতি লাজ লগাকৈ প্ৰকট হৈছে । আপ অসমে বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈও চৰকাৰক দাবী জনায়। আজিৰ সংবাদমেলত সাংগঠনিক সম্পাদক আলালউদ্দিন আহমেদ আৰু সদস্য আমিৰ হুছেইন উপস্থিত থাকে।

Leave A Reply