Breaking

উমৰাংছ’ৰ লেংচেৰুইত আজি শ্ৰীমতী যমুনা দেৱী সৰস্বতী বিদ্যা মন্দিৰৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

0 71

উমৰাংছ’ৰ লেংচেৰুইত আজি শ্ৰীমতী যমুনা দেৱী সৰস্বতী বিদ্যা মন্দিৰৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধনৰ লগতে এই উপলক্ষে আয়োজিত এখন সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ৷সৰস্বতী বিদ্যা মন্দিৰ প্ৰকৃতাৰ্থত একোটা বিদ্যাৰ মন্দিৰ ৷

ডিমা হাছাও, কাৰ্বি আংলং জিলাত অধিক এনে শিক্ষানুষ্ঠান স্থাপনৰ হেতু ৰাজ্য চৰকাকে যাৱতীয় সহায় আগবঢ়াব বলি কয় মুখ্যমন্ত্ৰীয়ে ৷ এই অঞ্চলৰ যুৱক-যুৱতীসকলে যাতে ৰাজ্যৰ আন আন ঠাইলৈ গৈও চাকৰি কৰাত অসুবিধা বোধ নকৰে আৰু ৰাজ্যৰ অন্য প্ৰান্তৰ লোকৰ সৈতে মত- বিনিময় কৰাত কোনো সংকোচ বোধ নকৰে তাৰ সুবিধাৰ্থে সৰস্বতী বিদ্যা মন্দিৰ কৰ্তৃপক্ষ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক অঞ্চলটোৰ শিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্ৰমত অসমীয়া বিষয় অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷

উমৰাংছ’ত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে ৷ এই অঞ্চলটোৰ লগতে সমগ্ৰ ডিমা হাছাও জিলাৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে যাৱতীয় প্ৰস্তুতি চলাই আছে বুলি কয় মুখ্যমন্ত্ৰীৰয়ে ৷ এই দিশত জিলাবাসীক চৰকাৰে শীঘ্ৰে এটা ভাল খবৰ দিব৷অসম মালাৰ অধীনত হাফলং তিনিআলিৰ পৰা ৯০ কিল’মিটাৰৰ নতুন পথ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ হ’ব৷ লংকা-উমৰাংছ’ পথটিৰ উন্নীতকৰণৰ কামো এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি জনায়৷

আগন্তুক ৬-৭ মাহৰ ভিতৰত ৰাজ্যিক কেবিনেটৰ এখন বৈঠক উমৰাংছ’ত অনুষ্ঠিত হ’ব ৷অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে সতীৰ্থ মন্ত্ৰী শ্ৰীনন্দিতা গাৰ্লোছা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীতুলিৰাম ৰংহাং, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীদেৱলাল গাৰ্লোছা, শিক্ষা বিকাশ পৰিষদ, দক্ষিণ অসম প্ৰান্তৰ উপাধ্যক্ষ শ্ৰীঅপূৰ্ব কুমাৰ নাথ, সৰস্বতী বিদ্যা মন্দিৰ পৰিচালনা সমিতি, ডিমা হাছাওৰ মাৰ্গ দৰ্শক ড° ৰামকুইৱাংবে নিউমে, বিশ্ব হিন্দু পৰিষদৰ ক্ষেত্ৰ সংগঠন মন্ত্ৰী শ্ৰীদীনেশ তিৱাৰীকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

Leave A Reply