Breaking

নগাঁও সদৰ সমষ্টিত ৬৫ কোটি টকাৰ ব্যয় সাপেক্ষে কেইবাটাও উন্নয়ন মূলক কামৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

0 2,053

“গুৰুজনাৰ আৰ্দশৰে মিত্ৰজোটৰ চৰকাৰখনে অসমৰ পাহাৰ ভৈয়ামক একাকাৰ কৰি এক উন্নয়নৰ বাতাবৰণ সৃষ্টি কৰিছে।কংগ্ৰেছ দলে ৫৫ বছৰে কৰিব নোৱাৰা কাম আমাৰ চৰকাৰখনে অতি কম সময়ৰ ভিতৰতে কৰি দেখুৱালে।আমি মূল্যবোধৰ ব্যৱস্থা প্ৰবৰ্তন কৰি অসমৰ ৰাইজৰ আস্থাভাজন হৈছো।অসমৰ ৰাইজে আমাক আস্থাত লৈছে।ৰাইজৰ আস্হা আৰু আৰ্শীবাদত অসমত পুনৰ বিজেপি চৰকাৰ হব।” এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি নগাঁও চহৰত অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি উলিওৱা সা‌ংস্কৃতিক প্ৰকল্প উদ্ধোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পূৰ্বৰ ক‌ংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয় যে ,২০১৬ চনত আমি দায়িত্ব ভাৰ লোৱাৰ সময়ত ৰাজ্যৰ শাসন ব্যৱস্থা দুৰ্নীতি ভ্ৰষ্টাচাৰে সম্পূৰ্ণ ৰূপে বিধস্ত কৰি পেলাইছিল ।

পূৰ্বৰ চৰকাৰৰ শাসন যন্ত্ৰৰ ওপৰত অসমৰ জনসাধাৰণৰ আস্থা একেবাৰে নোহোৱা হৈ গৈছিল । আমি শাসনলৈ অহাৰ পাছত আমাৰ প্ৰধান দায়িত্ব আছিল শাসনযন্ত্ৰৰ ওপৰত মানুহৰ আস্থা ঘূৰাই আনা । ই আমাৰ বাবে এক প্ৰত্যাহ্বান আছিল । সততা আৰু নিষ্ঠাৰে আমি সেই প্ৰত্যাহ্বান অতিক্ৰম কৰিলো । এখন দুৰ্নীতি মুক্ত অসম গঢ়াৰ সংকল্পৰে আমি শাসন যন্ত্রৰ সংস্কাৰৰ পণ ললো ।  অসম লোকসেৱা আয়োগকে ধৰি বিভিন্ন বিভাগত সংস্কাৰ সাধন কৰাত আমি সফল হলো। 

আনহাতে দুৰ্নীতিক  সামাজিক ব্যাধি বুলি উল্লেখ কৰি মুখ্যমন্ত্রী  সোণোৱালে  কয় যে দুৰ্নীতিৰ বিৰুদ্ধে চলা অভিযানত বহুতে জেল হাজোতলৈ যাব লগা হল। দুৰ্নীতি কৰা সকল সামাজিক ব্যাধিৰ বলি বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে কংগ্ৰেছৰ শাসনত সংঘটিত দুৰ্নীতিৰ বাবে অসম্পূর্ণ হৈ থকা ৩ লাখ ইন্দিৰা আৱাস যোজনাৰ গৃহ বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে নিৰ্মাণ সম্পূৰ্ণ কৰি দুখীয়া জনসাধাৰণৰ হিত সাধন কৰা বুলিও মুখ্যমন্ত্ৰী সোণোৱালে প্ৰসংগ ক্ৰমে উল্লেখ কৰে। 

বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত সমগ্ৰ অসমত উন্নয়ণৰ বাতাৱৰণ শক্তিশালী ৰূপত গঢ় লৈ উঠা বুলি মন্তব্য কৰি মুখ্যমন্ত্রী গৰাকীয়ে ছাত্ৰী-ছাত্ৰীৰ বিনামূলীয়া নামভর্তি, পাঠ্যপুথি যোগান , স্কুটী প্ৰদানকে ধৰি শিক্ষাৰ লগতে বিভিন্ন বিভাগত গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে “ভোটৰ লালসাত নহয় অসমৰ ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে আমি ছাত্ৰ-ছাত্ৰী সকলক সবল ৰূপত গঢ় দিয়াৰ চেষ্টা চলাইছো ।

ইপিনে নগাঁও সদৰ সমষ্টিৰ উন্নয়নত বিশেষভাৱে মনোনিবেশ কৰা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ কাম কাজত সন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্রী সোণোৱালে বিধায়ক শৰ্মাই ৰাজহ সৎ ভাৱে ব্যৱহাৰ কৰা বুলিও মন্তব্য কৰে ।

গুৰুজনাৰ জন্মস্থান নগাঁও জিলাক এক পৱিত্র স্হান বুলি উল্লেখ কৰি মুখ্যমন্ত্রী গৰাকীয়ে বহু মনীষীৰ জন্মস্থান নগাঁও চহৰে এক শক্তিশালী ঐতিহ্য বহন কৰা বুলিও কয় । আনহাতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই ২০০৪ চনত আধাৰশিলা স্থাপন কৰা নগাঁও সাংস্কৃতিক প্ৰকল্পই মানৱতাৰ গীত গোৱা হাজাৰ হাজাৰ শিল্পী গঢ় দিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে ।

উদ্বোধনী অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত নগাঁও চহৰকে ধৰি সদৰ সমষ্টিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ লগতে সমষ্টিটোৰ উন্নয়ণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আগবঢ়োৱা সহযোগিতাৰ শলাগ লয় । জিলা উপায়ুক্ত কবিথা পদ্মনাভণে উদ্দেশ্য বাখ্যা কৰা সভাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ, নগাঁও সাহিত্য সভা সভাৰ সভাপতি মিন্টু শৰ্মা উপস্থিত থাকে । নগাঁও সাহিত্য সভাৰ সম্পাদক পাপুল বৰাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্রীৰ লগতে বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় ।

ইপিনে আজি কেবাটাও কাৰ্য্যসূচী লৈ নগাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ পূর্বে নগাঁও চহৰৰ মৰিকলঙ বিল পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে বিলৰ পাৰত আটকধুনীয়া পদপথ, শিশু উদ্যান আৰু নৌকা বিহাৰৰ ব্যৱস্থা কৰাৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰে । প্রকল্পটোৰ বাবে চৰকাৰে ২৫ কোটি ৩৪ লাখ টকা আবন্টন দিয়ে। প্ৰকল্পটোৰ কামৰ শুভাৰম্ভ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মৰিকলঙত  ৬ কোটি ৬২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া আটকধুনীয়া  বাছ আস্থানৰ কামৰো শুভাৰম্ভ কৰে।

আনহাতে  নগাঁও চহৰৰ সংস্কৃতিক প্ৰকল্প উদ্ধোধন স্হলীত মুখ্যমন্ত্ৰী গৰাকীয়ে নগাঁও চহৰৰ  কলঙৰ সৌন্দৰ্য্য বৰ্ধনৰ লগতে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমীপৰ পৰা নগাঁও আইন মহাবিদ্যালয় পৰ্যন্ত কলঙৰ পাৰত নিৰ্মাণ হবলগা এখন আটকধুনীয়া পদসেঁতুৰ আধাৰশিলা স্থাপন কৰে।

ইয়াৰোপৰি চহৰখনৰ পানীগাঁও চাৰিআলিৰ পৰা হয়বৰগাঁও পৰ্যন্ত পদপথত টাইলচ আৰু ৰেলিং নিৰ্মাণৰ কামৰো শুভাৰম্ভ কৰে।ইয়াৰ পিচতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নগাঁও  চহৰৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰে।

Leave A Reply