Breaking

বকোৰ ছমৰীয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জনসম্পৰ্ক কাৰ্যসূচীৰ শুভাৰম্ভ ।

0 1,082

সোণতলী : 

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ছমৰীয়াত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে জনসম্পৰ্ক অভিযান কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ জনসম্পৰ্ক অভিযানকালত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোডী চৰকাৰৰ কাৰ্যকালৰ সফলতাৰ এটি খতিয়ান আৰু ৰাজ্য চৰকাৰৰ বৰাক,  ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ সহযোগিতাৰ লগতে চাৰি বছৰীয়া কাৰ্যকালত আমি কি কি উল্লেখযোগ্য কাম কৰিলো, এই সফলতাৰ খতিয়ানখনো ৰাইজৰ হাতত অৰ্পন কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ ৰাজ্যবাসীৰ মিলিত প্ৰচেষ্টাৰে এইখন চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনিৰ সফল ৰূপ দিয়াৰ বাবে আন্তৰিকতাৰে সহযোগ আগবঢ়োৱাৰ বাবে অসমবাসীলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ কৃতজ্ঞতাৰ লগতে শ্ৰদ্ধা প্ৰকাশ কৰে৷ ছমৰীয়া সত্ৰখনক ভাৰতবৰ্ষৰ বুকুত এখন পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়া আৰু আধ্যাত্মিক, কলা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হিচাপে অসমৰ জনগণক সকলো সময়তে মানৱীয় অনুভুতি জগাই তোলা৷ বহিঃৰাজ্যৰ পৰা সু-সন্তানসকল অসমলৈ ঘুৰি অহাৰ পিচত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বান তথা স্বাস্থ্য বিভাগৰ পৰামৰ্শ,  নীতি-নিৰ্দেশনা সকলোৱে নিষ্ঠাৰে মানি চলিব লাগিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিক আগত প্ৰকাশ কৰে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে আজি দুপৰীয়া প্ৰথমে ছমৰীয়া সত্ৰত উপস্থিত হৈ সত্ৰত সেৱা জনায়৷ সত্ৰৰ ভকতসকলে মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱাৰ পিচত মুখ্যমন্ত্ৰী সত্ৰৰ ভিতৰলৈ গৈ ভকতৰ সৈতে প্ৰায় ২৫ মিনিট সময় কটায়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যিক বিশেষ আঁচনিৰ পুঁজিৰে ৫০ লাখ টকাৰে ছমৰীয়া সত্ৰৰ পকী বেৰ নিৰ্মাণৰ আধাৰশিলা কৰে৷ ইয়াৰ পিচত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছমৰীয়াৰ ১৫ জন ব্যক্তিৰ ঘৰে ঘৰে গৈ মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে জনসম্পৰ্ক অভিযানৰ শুভাৰম্ভ কৰে৷ সেইসময়ত মুখ্যমন্ত্ৰীগৰাকীক প্ৰতিটো পৰিয়ালৰ তৰফৰ পৰা বিভিন্ন উপহাৰেৰে সম্বৰ্ধনা জনায়৷ কাৰ্যসূচীত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, অসম ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি নিলোপম দাস, মিত্ৰজোঁট অগপৰ বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস,  বিজেপিৰ সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ মমিনুল আৱাল উপস্থিত থাকে৷

Leave A Reply