Breaking

খুড়ীয়েকৰ কাতৰ অনুৰোধৰ প্ৰতি সঁহাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

0 734

দৈনন্দিন বাৰ্তা:

তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ হাঁহখাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত মূলুক গাঁৱত একমাত্ৰ পুত্ৰৰ সৈতে ভগা পঁজাত বাস কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খুড়ীয়েক ৰহিলা সোনোৱাল (৮২)। প্ৰায় এমাহ পূৰ্বৰে পৰা বেমাৰত ভূগি আছে  ৰহিলা সোণোৱালে। বেমাৰত ভুগি থকাৰ আৰু মুখ্যমন্ত্ৰীক সহায়ৰ বাবে কাতৰ আহ্বান জনোৱাৰ  বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কালি প্ৰশাসনৰ লোক উপস্থিত হৈ ৰোগাক্ৰান্ত মহিলাগৰাকীৰ সবিশেষ তথ্য লোৱাৰ পিছত আজি ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়া উপস্থিত হয়। বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনযোগে খুড়ীয়েকৰ সৈতে বাৰ্তালাপ কৰোৱাই।  বিধায়ক গৰাকীয়ে কাইলৈ মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে ব্ৰহ্মপুত্ৰ হস্পাতাললৈ নিব বুলি জানিব দিছে। উল্লেখযোগ্য যে, মহিলাগৰাকীয়ে অৰ্থাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খুড়ীয়েকে তেখেতক  সৰুৰে পৰা তুলি-তালি ডাঙৰ-দীঘল কৰিছিল।  আর্থিকভাৱে জুৰুলা পৰিয়ালটোৱে ৰহিলা সোণোৱালৰ চিকিৎসাৰ বাবে দুবিঘাকৈ খেতি মাটি বন্ধকত দিব লগা হৈছিল। ভতিজাকে খুড়ীয়েকৰ কৰুণ বিননি শুনাত ঘৰখনলৈ যেন এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। 

Leave A Reply