Breaking

বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ আমছুৰ

0 2,069

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( আমছু) ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি বঙাইগাঁৱতো দৰং জিলাৰ ছিপাঝাৰ ধলপুৰত অসম চৰকাৰে উচ্ছেদৰ নামত নীৰিহ সংখ্যালঘু লোকৰ ওপৰত কৰা অমানৱীয় অত্যাচাৰৰ প্ৰতিবাদত  তথা উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপনৰ দাবীত সংগঠনটোৰ বঙাইগাঁও জিলা সমিতি আৰু নিউ বঙাইগাঁও আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে  ৷ বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও ভাওলাগুৰি তিনি আলিত ৰূপায়ণ কৰা মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা আমছু কৰ্মীসকলে আমাৰ দাবী মানিবই লাগিব , অমানৱীয় উচ্ছেদ কাৰ্য বন্ধ কৰক, অসম চৰকাৰ হায় হায় ,হিমন্ত বিশ্ব শৰ্মা হায় হায় , উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপন কৰিবই লাগিব আদি বিভিন্ন শ্লোগান দি পৰিনেশ উত্তাল কৰি তোলে ৷ সংগঠনটোৰ নেতৃত্বই কয় যে উচ্ছেদৰ আমি বিৰোধিতা নকৰো ৷ কিন্তু উচ্ছেদ কৰাৰ পূৰ্বে সেই পৰিয়ালসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল যদিও নকৰিলে ৷ এই কাৰ্যক আমি ধীক্কাৰ জনাইছো ৷ আনহাতে আৰক্ষীৰ দলে লোকজনক গুলীয়াই নেমাৰি কৰায়ত্ত কপিব পাৰিলেহেতেন বা ভৰিত গুলীয়াব পাৰিলেহেতেন যদিও সেয়া নকৰিলে ৷ আনকি মৃত লোকজনৰ ওপৰতো আৰক্ষীয়ে জপিয়াই পৰি লঠিয়াই ,গুৰিয়াই নিজৰ বীৰত্ব প্ৰদৰ্শন কৰে ৷ সেইদৰে বিজয় বণিয়া নামৰ দাৱন ফটোগ্ৰাফাৰজনেও মৃতদেহৰ ওপৰত জপিয়াই পৰি  লঠিয়ায় গুৰিয়াই নিৰ্যাতন চলাই মানৱ সমাজক কলংকিত কৰিছে ৷ গতিকে এই কাৰ্যক জিলা আমছুৱে গৰিহণা আৰু ধিক্কাৰ দিছে আৰু প্ৰথমে উচ্ছেদিত পৰিয়ালসকলক সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনায়  ৷  

Leave A Reply