Breaking

খিলঞ্জীয়া মুছলমানৰ মনৰ বতৰা লবলৈ বৰপেটাৰ মাজদিয়া গাঁৱত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱা

0 1,366

খিলঞ্জীয়া মুছলমানৰ মনৰ বতৰা লবলৈ বৰপেটাৰ মাজদিয়া গাঁৱত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱা ৷গৰিয়া মুছলমানপ্ৰধান গাও মাজদিয়াত উপস্থিত হৈ জয়ন্তমল্ল বৰুৱাই মাজদিয়াৰ গো-ৰিজাৰ্ভ পৰিদৰ্শণ কৰি ৰাইজৰ সৈতে মতবিনিময় ৷ৰাজ্য চৰকাৰৰ স্পষ্ট নীতিৰ কথা দোহাৰিলে জয়ন্ত মল্ল বৰুৱাই— অসমৰ খিলঞ্জীয়া হিন্দু অথবা মুছলমান লোকৰ মাটিৰ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে ৷ৰাজ্যৰ বহু ভিজিআৰ পিজিআৰ সন্দেহজনক লোকে বেদখল কৰাৰ মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱাৰ ৷বৰপেটাৰ গো-ৰিজাৰ্ভত নিশাৰ ভিতৰতে এখনৰ পিচত এখন গাঁও গঢ় লৈ উঠা বুলি মন্তব্য জয়ন্তমল্ল বৰুৱাৰ ৷

প্ৰতিটো দিনতেই খিলঞ্জীয়া লোক আগ্ৰাসনৰ বলি হবলগীয়া হৈছে ৷সন্দেহজনক বেদখলকাৰীক লৈ খিলঞ্জীয়া লোকসকল শংকাত থাকিবলগীয়া হৈছে ৷ৰাজ্য চৰকাৰে বেদখলকাৰীক কোনোধৰণে প্ৰশ্ৰয় নিদিয়ে ৷সকলো বেদখলকাৰীকে উচ্চেদ কৰাৰ কথা ঘোষনা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱাৰ ৷খিলঞ্জীয়া মুছলমানৰ মনত সৃষ্টি হোৱা শংকা কেতিয়াও মানি লোৱা নহব ৷খিলঞ্জীয়াৰ লোকৰ অস্তিত্বৰ শংকা চৰকাৰে মানি নলয় ৷চৰকাৰে কঠোৰ পদক্ষেপ লব লাগিব বুলিও মন্তব্য ৷এই সকলো বিষয় মুখ্যমন্ত্ৰীক অবগত কৰিব উপদেষ্টা গৰাকীয়ে ৷অসমৰ খিলঞ্জীয়া লোকৰ প্ৰতি মাটিৰ শংকা নামি আহিছে ৷

অসমৰ খিলঞ্জীয়া লোকৰ ওচৰত যিধৰনে মাটিৰ অধিকাৰ থাকিব লাগিছিল অসমীয়াৰ উদাসীনতাৰ বাবেই বা অনভিজ্ঞতাৰ বাবেই হওক আমাৰ সেই অধিকাৰ লাহে লাহে আনে কাঢ়ি নিয়া আৰম্ভ কৰিছে ৷ ৰাজ্য চৰকাৰৰ স্পষ্ট নীতি- অসমৰ খিলঞ্জীয়া হিন্দু অথবা মুছলমান লোকৰ মাটিৰ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে ৷খিলঞ্জীয়া লোকক মাটিৰ অধিকাৰ দিয়াতো চৰকাৰৰ দায়িত্ব ৷বৰপেটাৰ মাজদিয়া অঞ্চলৰ বড়ো আৰু গৰিয়া লোকসকল অনুপ্ৰবেশকাৰীৰ পৰা শংকাত ভূগিবলগীয়া হোৱা বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱাৰ ৷অনুপ্ৰবেশকাৰীৰ পৰা খিলঞ্জীয়া লোক শংকাত ভূগুবলগীয়া হোৱা অৱস্থা বৰ্তমানৰ চৰকাৰৰ দিনত হব নিদিয়ে জয়ন্ত মল্ল বৰুৱাই ৷

Leave A Reply