Breaking

ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত শিশু স্বাস্থ্য সজাগতা সভা আৰু চিত্ৰাংকন প্ৰতিযোগিতা

0 99

বৰ্তমান সময়ৰ আমাৰ সমাজত শিশুজনিত নানা ধৰণৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়।

শিশুৰ অভিভাৱক তথা ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি খাউৰাঙৰ বিহাৰী ভবনত কন্যা সন্তান, বাল্য বিবাহ, কিশোৰ গৰ্ভধাৰণৰ ওপৰত এখনি সজাগতামূলক সভা অনুষ্ঠিত হয়।

সজাগতা‌ সভাৰ পূৰ্বে ছাত্র-ছাত্ৰীৰ মাজত সজাগতামূলক চিত্ৰাংকন, থিতাতে ৰচনা লিখা আৰু কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

সজাগতা সভাত ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ মেডিয়া এক্সপাৰ্ট মধুস্মিতা বৈশ্য, ডাঃ হিমাৰাণী বড়ো, পৰামৰ্শদাতা অনচুই দৈমাৰী, খণ্ড সমন্বয়ক অলকেশ শৰ্মা, এম.আৰ.এছ.ডি এন জি অ’ৰ অধ্যক্ষ মিলন দাস আৰু নেহৰু যুৱ কেন্দ্ৰ, ওদালগুৰিৰ সংগঠক নিতুমনি ডেকা উপস্থিত থকাৰ লগতে অনুষ্ঠানটোত প্ৰায় শতাধিক কিশোৰ-কিশোৰী আৰু স্থানীয় মহিলাই অংশগ্ৰহণ কৰে।

Leave A Reply