Breaking

বাল্যবিবাহ : নাবালিকাক উদ্ধাৰ কৰি গতালে আৰক্ষীক চাইল্ড লাইনে

0 131

লংকা

 লকডাউনৰ মাজতেই লংকাৰ এখন বাল্যবিবাহক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া সৃষ্টি হয়। পিছত বিয়াস্হলীৰ পৰা বিয়া সাজেৰেই দৰা-কইনাক আৰক্ষী থানালৈ লৈ অনা হয়। জানিব পৰা মতে, নগাঁৱৰ ননৈৰ যুৱক ৰাজীৱ শ‌ইকীয়াই (৩৫) হাবাইপুৰৰ গোঁসাই গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ  লগত শুকুৰবাৰে বিয়া পাতিবলৈ আহিছিল। উক্ত বাল্যবিবাহৰ খবৰ লংকা চাইল্ড লাইনে লাভ কৰি উদালী আৰক্ষীৰ সহযোগত ক‌ইনাৰ গৃহত উপস্হিত হৈ দৰা-কইনা দুয়োজনকে আৰক্ষী থানা লৈ আহে। পিছত কিশোৰীগৰাকীক চাইল্ড লাইনে শিশু কল্যাণ সমিতিলৈ প্ৰেৰণ কৰাৰ লগতে দৰা ৰাজীব শ‌ইকীয়াক আৰক্ষীয়ে আটক কৰে৷

Leave A Reply